কেন্দ্ৰৰ বিভিন্ন নীতিৰ বিৰুদ্ধে শ্ৰমিক সংগঠনৰ ৮ আৰু ৯ জানুৱাৰীত ধৰ্মঘটৰ আহ্বান

কেন্দ্ৰৰ বিভিন্ন নীতিৰ বিৰুদ্ধে শ্ৰমিক সংগঠনৰ ৮ আৰু ৯ জানুৱাৰীত ধৰ্মঘটৰ আহ্বান
Published on

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন নীতিৰ বিৰুদ্ধে শ্ৰমিক আন্দোলনক আৰু অধিক তীব্ৰতৰ কৰি নতুন বছৰৰ জানুৱাৰী মাহৰ ৮ আৰু ৯ তাৰিখে সমগ্ৰ দেশত ধৰ্মঘটৰ আহ্বান কৰিছে বামপন্থী, কংগ্ৰেছকে সামৰি অন্যান্য শ্ৰমিক সংগঠন সমূহে। একমাত্ৰ আৰএসএসৰ শ্ৰমিক সংগঠন ভাৰতীয় মজদুৰ সংঘক বাদ দি সকলো শ্ৰমিক সংগঠনে দেশজুৰি পালন কৰিব লগা এই ধৰ্মঘট কাৰ্য্যসূচীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। বিভিন্ন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি সংগঠিত আৰু অসংগঠিত শ্ৰমিক সকলক সামৰি প্ৰায় ১৮ কৌটি শ্ৰমিকে এই ধৰ্মঘট কাৰ্য্যসূচীত যোগদান কৰাৰ পূৰ্ণ সম্ভাবনা আছে।

বামপন্থী আদৰ্শত বিশ্বাসী চিপিআইএমৰ শ্ৰমিক সংগঠনৰ সাধাৰণ সম্পাদক তাপস সেনে কয় যে এই ধৰ্মঘট কাৰ্য্যসূচীক শ্ৰমিকৰ ভূমি অধিকাৰ আন্দোলনৰ সমান্তৰাল ভাবে আৰু অধিক শক্তিশালী ৰূপত আগবঢ়াই নিয়া হব।ইয়াৰ ফলত গ্ৰামাঞ্চলত এই আন্দোলন অধিক ফলপ্ৰসু ভাবে কাৰ্য্যকৰী হব বুলি চিপিআইএমৰ শ্ৰমিক সংগঠনটোৰ সাধাৰণ সম্পাদক জনে মন্তব্য কৰে। ভাৰতীয় মজদুৰ সংঘৰ এই ধৰ্মঘট ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহৃত মঞ্চ হিচাপে তুলি ধৰা বুলি প্ৰতিবাদ কাৰী সকলৰ সিদ্ধান্তৰ বিৰোধীতা কৰি আন্দোলন কাৰ্য্যসূচী সমূহত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এফালে কৃষকৰ কৃষিৰ সমস্যাৰ বিভিন্ন দিশ ধৰ্মঘটৰ সময়ত তুলি ধৰাৰ চিন্তা চৰ্চা কৰা হৈছে আৰু আনফালে শ্ৰমিক সকলৰ কৰ্মহীনতাৰ দিশ সম্পৰ্কেও ধৰ্মঘটৰ সময়ত উত্থাপন কৰা হব।

তাপস সেনে কোৱা অনুসৰি দেশত কৰ্মহীন লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আৰু দেশত নতুন কৰ্মসংস্থাপন সৃষ্টি কৰাত চৰকাৰ ব্যৰ্থ হৈছে। এই সময়ত জ্বলা জুইত ঘিউ ঢলাৰ দৰে কল-কাৰখানা বন্ধ কৰি দিয়া হৈছে আৰু দেশত নতুন তথ্য প্ৰযুক্তিৰো অভাব পৰিলক্ষিত হৈছে।আন্দোলন কাৰ্য্যসূচী ৰূপায়ন কৰিব লগা সংগঠন সমূহে চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকোনমিৰ এটা ৰিপোৰ্টৰ তথ্যও প্ৰকাশ কৰিছে। উক্ত ৰিপোৰ্টত কোৱা হৈছে যে এই বছৰ অক্টোবৰ মাহ পৰ্য্যন্ত দেশত বেকাৰৰ হাৰ বাঢ়িছে ৬.৯ শতাংশ। প্ৰায় তিনি কৌটি দেশৰ যুবক চাকৰিহীন ভাবে থাকিব লগা হৈছে। প্ৰতিবাদী সংগঠন সকলে প্ৰকাশ কৰা এই তথ্যক অস্বীকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে দেশত বেংক কৰ্মচাৰী সকলে আজিৰ পৰা ২৬ ডিচেম্বৰলৈ ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি আছে। দিল্লীত ইতিমধ্যে কেইবাটাও কৃষকৰ প্ৰতিবাদী ৰেলী অনুষ্ঠিত হৈ গৈছে। মধ্যপ্ৰদেশ আৰু ৰাজস্থানত কৃষকৰ বিদ্ৰোহকে মূল সাৰ হিচাপে লৈ কংগ্ৰেছে বিজেপি চৰকাৰৰ পতন ঘটাইছে, এনেক্ষেত্ৰত ২০১৯ চনৰ প্ৰথমতে অনুষ্ঠিত হব লগা লোকসভা নিৰ্বাচনৰ আগে আগে এনে বিদ্ৰোহে সংকাত পেলাইছে কেন্দ্ৰীয় চৰকাৰক। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সমৰ্থন পুষ্ট ভাৰতীয় মজদুৰ সংঘই এই আন্দোলনৰ প্ৰতি একমাত্ৰ চৰকাৰক নৈতিক ভাবে সমৰ্থন কৰা কাৰণেই সমৰ্থন কৰা নাই বুলি কিছুমান শ্ৰমিক দল সংগঠনে মন্তব্য কৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com