সমাজ কল্যাণ বিভাগত নিয়োগৰ ক্ষেত্ৰত কেলেংকাৰী

সমাজ কল্যাণ বিভাগত নিয়োগৰ ক্ষেত্ৰত কেলেংকাৰী
Published on

সমাজ কল্যাণ বিভাগত পুনৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। সমাজ কল্যাণ বিভাগৰ নিম্ন বৰ্গৰ সহায়কৰ পদৰ নিয়োগৰ ক্ষেত্ৰত কেলেংকাৰী সংঘটিত হৈছে । সমাজ কল্যাণ বিভাগত নিৰ্দেশকৰ ভূৱা চহীৰে নিয়োগপত্ৰ প্ৰদান কৰিছে । সোমবাৰে নিয়োগৰ ক্ষেত্ৰত হোৱা এই কেলেংকাৰী তথ্য লাভ কৰাৰ পাছত সমাজ কল্যাণ বিভাগৰ নিৰ্দেশক জুৰী ফুকনে লতাশিল আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । ইতিমধ্যে কেলেংকাৰীটোৰ অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে । গোচৰত নিৰ্দেশক জুৰী ফুকনে প্ৰকাশ কৰিছে যে অধিক নিয়োগ পত্ৰ প্ৰেৰণ কৰিবলৈ সক্ষম নহল।

সমাজ কল্যাণ বিভাগত পূৰ্বতেও বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল । সমাজ কল্যাণ বিভাগত ২০০০ কোটি টকীয়া বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল আৰু শিশু খাদ্যৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। ২০০০ কোটি টকা কেলেংকাৰীত ১৪৪ জনক নিম্ন সহকাৰী নিৰীক্ষক পদৰ বাবে নিয়োগ কৰা হৈছিল ২০১৫-১৬ ৰ ভিতৰত । ১৪৪ টা পদৰ নিয়োগৰ ক্ষেত্ৰত যথেষ্ট উৎকুচ লোৱা হৈছিল । দুৰ্নীতিৰ নিবাৰক শাখাই ৩,৫০০ খন OMR পেপাৰ জব্দ কৰিছে । বিভাগটোৰ ১৪৪ জন কৰ্মচাৰীৰ হস্তস্বাক্ষৰ নমুনাও গ্ৰহণ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com