কেৰেলাৰ ৱায়ানাড়ৰ পৰা ৰাহুল গান্ধীৰ মনোনয়ন পত্ৰ দাখিল

কেৰেলাৰ ৱায়ানাড়ৰ পৰা ৰাহুল গান্ধীৰ মনোনয়ন পত্ৰ দাখিল

বৃহস্পতি বাৰে কেৰেলাৰ ৱায়ানাড়ৰ পৰা কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । ২০১৯ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা নিৰ্বাচনত অবতীৰ্ণ হোৱাৰ লগতে কেৰেলাৰ ৱায়ানাড় পৰাও নিৰ্বাচনত অবতীৰ্ণ হব।

মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত ৰাহুল গান্ধীয়ে এটা ৰোড শ্বত অংশগ্ৰহন কৰে। ৰোডশ্ব' ত সংগ দিয়ে প্ৰিয়ংকা গান্ধীয়ে ।

দাক্ষিণ্যাত্যৰ ২০ খন আসনৰ লগতে ৱায়ানাড় ২৩ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠান হব ।

ৱায়ানাড় লোকসভা সমষ্টিত চি পি আই দলৰ পি পি চুনীৰ আৰু এন ডি এৰ তুষাৰ বেল্লাপালিৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে নিৰ্বাচন খেলিব । বেল্লাপালি কেৰেলাৰ বিজেপি আৰু বি ডি জে এচ মিত্ৰজোটৰ প্ৰাৰ্থী ।

লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে ৱায়ানাড় পৰা দ্বিতীয় আসনৰ বাবে নিৰ্বাচনত অবতীৰ্ণ হোৱাৰ সিদ্ধান্তত বিজেপি আৰু চি পি আই এমে সমালোচনা কৰিছিল । চি পি আই এমে সমালোচনা কৰাৰ লগতে বিজেপিয়ে আমেথিৰ পৰা পৰাজয় হোৱাৰ আশংকাত ৱায়ানাড় পৰাও নিৰ্বাচনত অবতীৰ্ণ হৈছে বুলি সমালোচনা কৰিছে ।

সমষ্টিয়ে সমষ্টিয়ে বিজেপিৰ বহুতো ৰাষ্ট্ৰীয় নেতায়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে, তাৰে ভিতৰত আছে স্মৃতি ইৰানী। আমেথি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰানীৰ ৰাহুল গান্ধীৰ মুল প্ৰতিদন্দ্বি। দলৰ নেতাই প্ৰকাশ কৰিছে যে স্মৃতি ইৰানীয়ে কেৰেলাৰ ৱায়ানাড় এন ডি এ প্ৰাৰ্থী বেল্লাপালিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।

কংগ্ৰেছ দলৰ নেতাই প্ৰকাশ কৰে যে ৰাহুল গান্ধীয়ে ৱায়ানাড়লৈ পুনৰ এবাৰ অথবা দুবাৰ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিবলৈ যাব ।ৰাহুল গান্ধীক সংগ দিব ৰেলীত প্ৰিয়ংকা গান্ধীয়ে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com