কয়লাখনিত ভয়ানক দূৰ্ঘটনা: ১৩ জন লোকৰ মৃত্যু

কয়লাখনিত ভয়ানক দূৰ্ঘটনা: ১৩ জন লোকৰ মৃত্যু
Published on

বৃহস্পতি বাৰে মেঘালয়ৰ লুমথ্ৰি অঞ্চলৰ পূৱ জয়ন্তীয়া পাহাৰ জিলাৰ এক কয়লা খনিত ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হয়। ঘটনামৰ্মে ১৩জন লোক কয়লা খনিটোত কাম কৰি থকাৰ সময়তেই আৱদ্ধ হৈ পৰিছিল। পূৱ জয়ন্তীয়া পাহাৰৰ আৰক্ষী অধীক্ষক এছ নঙ্গটেনজাৰে ঘটনাৰ সম্পূৰ্ণ খতিয়ান লোৱাৰ পিছত উক্ত ঘটনাৰ কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ জনাই যে " তথ্য অনুসৰি কাছানৰ ল‌ইতিন নদীৰ পাৰৰ, সাইপুং আৰক্ষী থানাৰ অন্তৰ্গত কয়লা খনিটোত ১৩ জন লোক, যত ৩ জন লুমঠাৰি অঞ্চলৰ স্থানীয় লোকো আছিল, কয়লা খনিত কাম কৰি থকাৰ সময়তেই দূৰ্ঘটনা সংঘটিত হৈ লোক কেইজনে মৃত্যুক সাৱতি লয়।

"ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নীতি নিয়ম উলংঘা কৰি একোটা কয়লা খনিত তিনিদিন চাৰিদিন ধৰি কয়লা খনন চলি আছিল, আনহাতে পূৱ জয়ন্তীয়া পাহাৰৰ কয়লা বেল্ট অঞ্চল সমূহত এতিয়াও অবৈজ্ঞানিক পদ্ধতিৰে কয়লা খনন চলি আছে"। এইদৰে অভিযোগ কৰে একাংশ সচেতন স্থানীয় লোকে।

পূৱ জয়ন্তীয়া পাহাৰৰ উপায়ুক্ত এফ এম ডোপ্ঠতে জনাই যে, আমি ইতিমধ্যে আৰক্ষী অধীক্ষকৰ লগত আলোচনাত মিলিত হৈছো আৰু আৰক্ষী অধীক্ষকে আমাক জনোৱা অনুসৰি খননৰ কাম চলি থকা সময়েই খননস্থলিৰ ভিতৰত পানী সোমাই আৰু লোকসকল আৱদ্ধ হৈ পৰে। জেনেৰেটৰ সহায়ত পানী খিনি বাহিৰ কৰি দিয়া হয়।

"আমি ইতিমধ্যে কয়লাখনিৰ মালিকৰ সন্ধান উলিয়াইছো আৰু তেওঁৰ ওপৰত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজো কৰা হব।"এইদৰে জনাই উপায়ুক্ত এফ এম ডোপ্ঠে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com