খানাপাৰাত আয়ুস্মান ভাৰতৰ শুভ উদ্ধোধনী অনুষ্ঠান

খানাপাৰাত আয়ুস্মান ভাৰতৰ শুভ উদ্ধোধনী অনুষ্ঠান
Published on: 

সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনৰ আয়ুস্মান ভাৰতৰ শুভ উদ্ধোধনী অনুষ্ঠান অনুস্থিত হৈছে।এই আচঁনিৰ অধীনত প্ৰতিটো পৰিয়ালে বছৰি সৰ্বাধিক ৫ লাখকৈ স্বাস্থ্য বীমা লাভ কৰিব। আয়ুস্মান ভাৰতে সামৰি ল’ব অসমৰ ২৭ লাখ পৰিয়াল। ২৭ লাখ পৰিয়ালৰ ১ কোটি ৪০ লাখ লোকে পাব আয়ুস্মান ভাৰতৰ সুবিধা৷ মুঠ ১৩০০শ টা বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব আয়ুস্মান ভাৰতে।অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই, মন্ত্ৰী চুম ৰংহাং, পিযুষ হাজৰিকাসহ ৰাজ্য প্ৰশাসনৰ বহু শীৰ্ষ বিষয়াৰ লগতে সহস্ৰাধীক সাধাৰন জনতা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com