গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰিদ্ৰ ছাত্ৰক সহায়ৰ বাবে অভিযান প্ৰাক্তন ছাত্ৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰিদ্ৰ ছাত্ৰক সহায়ৰ বাবে অভিযান প্ৰাক্তন ছাত্ৰৰ
Published on

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সকলে বিশ্ববিদ্যালয়ৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ সকলক সহায়ৰ বাবে অভিযান আৰম্ভ কৰিছে।তেওঁলোকে ২০০ জোপা নেমুৰ গছ ৰূপন কৰিছে যাতে তাৰ উপাৰ্জনৰ পৰা দৰিদ্ৰ ছাত্ৰ সকলক সহায় কৰিব পৰা যায়।

প্ৰাক্তন ছাত্ৰ সংগঠনৰ সদস্য দিগন্ত কাকতিয়ে কয় যে আমি ২০০ জোপা নেমুৰ পৰা প্ৰথমতে ৫০,০০০ টকা আৰু ভৱিষ্যতে ১ লাখ টকা উপাৰ্জন কৰিম বুলি আশা কৰিছো যাতে সেই টকাৰে দৰিদ্ৰ ছাত্ৰ সকলক সহায় কৰিব পৰা যায়।

নেমুৰ লগতে কল, অমিতা আদি দৰকাৰী গছো ৰূপনৰ ব্যৱস্থা কৰা হব যাতে প্ৰায় ১০ জন দৰিদ্ৰ ছাত্ৰক সহায় কৰিব পৰা যায় আৰু লগতে বিশ্ববিদ্যালয়ো নিজৰ ওপৰতে নিৰ্ভৰ কৰিব পৰা যায়।প্ৰাক্তন ছাত্ৰ সকলৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপক সকলোৱে আদৰনি জনাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com