গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসমক গ্ৰেপ্তাৰ

গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসমক গ্ৰেপ্তাৰ

১৫ মে’ত গুৱাহাটীৰ গনেশগুৰিত হোৱা গ্ৰণেড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷মংগলবাৰে বিয়লি প্ৰায় ৫ বজাত তিনিচুকীয়াৰ ডুমডুমা আৰক্ষী থানাৰ তালাপ আউটপ’ষ্টৰ অন্তৰ্গত ডংগৰিৰ পৰা গ্ৰেপ্তাৰ কৰে বিজয় অসমক ৷ গুৱাহাটী আৰক্ষী আয়ুক্তৰ মতে বিজয় অসমক সম্প্ৰতি গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছে ৷

ইফালে বিস্ফোৰণৰ তদন্তকাৰীসকলৰ তথ্য অনুসৰি গুৱাহাটীৰ জু ৰোডৰ চেন্ট্ৰেল ম’লৰ সন্মুখত সুৰক্ষা কৰ্মীলৈ উদ্দেশ্য কৰি বিজয় অসমেই গ্ৰেণেড বিস্ফোৰণ ঘটাইছিল ৷ আৰক্ষীৰ এক বিশেষ সূত্ৰৰ মতে,বিজয় অসমে সততে নিজৰ স্থান পৰিৱৰ্তন কৰি আছিল ৷অন্যহাতে, বিজয় অসমক গ্ৰেপ্তাৰ কৰাৰ নেতৃত্ব বহন কৰিছিল তিনিচুকীয়া আৰক্ষীৰ কাৰ্যালয়ৰ ডিএচপি বিতুল চেটিয়াই ৷

আৰক্ষীৰ তথ্য অনুসৰি বিজয় অসমে গ্ৰেণেড বিস্ফোৰণ প্ৰাকমূহুৰ্তত অভিনেত্ৰী জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুৰ লগত আলোচনাত মিলিত হৈছিল ৷ বিজয় অসম পাঞ্জাবাৰীস্থিত জাহ্নৱী শইকীয়াৰ ভাৰাঘৰটোত আছিল যদিও, আৰক্ষী ঘৰটোত উপস্থিত হোৱাৰ প্ৰাকমূহুৰ্তত তাৰ পৰা পলাই যায় ৷

উল্লেখ্য যে গুৱাহাটী চেন্ট্ৰেল ম’লৰ সন্মুখত সংঘটিত কৰা গ্ৰেণেড বিস্ফোৰণৰ সন্দৰ্ভত এতিয়ালৈকে বিজয় অসমকে ধৰি ছজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা আন পাঁচজন হ’ল জাহ্নৱী শইকীয়া,প্ৰাণময় ৰাজগুৰু,চিন্ময় লহকৰ,ইন্দ্ৰ মোহন বৰা আৰু অমিত বল্লভ গোস্বামী ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com