গোলাঘাটৰ সুৰা ট্ৰেজেডীৰ প্ৰসংগত উত্তপ্ত বিধানসভা

গোলাঘাটৰ সুৰা ট্ৰেজেডীৰ প্ৰসংগত উত্তপ্ত বিধানসভা

গোলাঘাট আৰু যোৰহাটত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ প্ৰসংগত উত্তপ্ত হয় সোমবাৰৰ বিধানসভা। শাসক বিৰোধী সকলোৱে উক্ত ঘটনাৰ উচিত তদন্ত হোৱাটো বিচাৰিছে ৷ এই সন্দৰ্ভত এজিপিৰ জেষ্ঠ্য বিধায়ক বৃন্দাবন গোস্বামীয়ে কয় যে অৱশ্যে ৰাজ্যত এখন আবকাৰী আইন আছে ৷কিন্তু আইনখন উপযুক্ত ৰূপত সময়মতে বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গতি সীমিত হৈছে ৷ কেৱল বৃহৎ সংখ্যক আয় উপাৰ্জন কৰিলেই নহ’ব ৷ কাৰণ সুৰাৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মৰ ক্ষেত্ৰত এক বৃহৎ প্ৰভাৱ পৰিব ৷ কংগ্ৰেছৰ নেত্ৰী অজন্তা নেওগে কয় যে, প্ৰতক্ষ্যদৰ্শীয়ে মোক কিছু আবকাৰী বিষয়া আৰু ৰাজ্যত অবৈধ ৰূপত সুৰাৰ ব্যৱসায়ৰ সন্দৰ্ভত অৱগত কৰাইছিল ৷অবৈধ সুৰা সমূহ প্ৰস্তুত কৰোঁতে লালি গুৰ কেনেদৰে ব্যৱহাৰ কৰে ৷ এই সন্দৰ্ভত ন্যায়িক তদন্ত হ’ব লাগে ৷লগতে চাহ বাগান সমূহত স্থানীয় ভাৱে প্ৰস্তুত কৰা চুলাইৰ সন্দৰ্ভত জাগৰণ অনাৰ পদক্ষেপ লোৱাটো অত্যন্ত প্ৰয়োজনীয় ৷

অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ কয় যে, সকলোৰে জ্ঞাত যে চাহ বাগানৰ দোকান সমূহত মুকলিকৈ সুৰা বিক্ৰী কৰা হয় ৷ মন কৰিব লগীয়া কথাটো এয়ে যে আবকাৰী বিভাগে কি কৰি থাকে ৷ আবকাৰী বিভাগে সময় মতে সকলো কাম নকৰা কাৰণেই , এনে ধৰণৰ দুৰ্যোগ নামি আহিছে ৷অবৈধ তথা বিষাক্ত সুৰাৰ সন্দৰ্ভত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে কয় যে,নিৰ্বাচনৰ পূৰ্বতে, নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ৰাজনৈতিক নেতাসকলে চাহ বাগানসমূহত সুৰা বিতৰণ কৰাটো এক সাধাৰণ কথালৈ পৰিণত হৈছে ৷ দিছপুৰে এই ক্ষেত্ৰত অসমক ড্ৰাই ষ্টেট কিয় ঘোষণা নকৰে? ৷

বিজেপি বিধায়ক তেৰছ গোৱলাই কয় যে প্ৰত্যেক নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত চাহ বাগান সমূহত সুৰা বিতৰণ কৰাটো এক পৰম্পৰা হৈ গৈছে ৷ আমি চাহ বাগানৰ শ্ৰমিকসকলৰ মাজত সুৰা সন্দৰ্ভত এক অভিযান আৰম্ভ কৰাটো অত্যন্ত প্ৰয়োজনীয়। কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনে কয় যে এই সমগ্ৰ ঘটনাটো হৈছে এটা সামাজিক ব্যাধি ৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সকলোৱে একত্ৰিত হ’ব লাগিব৷ অসম গণ পৰিষদৰ নেতা ৰমেন্দ্ৰ নাৰায়ন কলিতাই কয় যে অবৈধ সুৰা ব্যৱসায়ত আৰক্ষী আৰু আবকাৰী বিভাগ জড়িত আছে ৷চুলাইত ব্যৱহাৰ কৰিবৰ কাৰণে লালিগুৰ কেনেদৰে আহে ? আৰক্ষীয়ে এই ক্ষেত্ৰত কিয় বিহিত ব্যৱস্থা গ্ৰহণ নকৰে? লালিগুৰৰ ব্যৱহাৰ অসমৰ অন্যান্য ৰাজ্যত বিভিন্ন কামত ব্যৱহাৰ কৰে ৷কিন্তু অসমত লালিগুৰক চুলাই প্ৰস্তুত কৰোঁতে কেঁচা পদাৰ্থ হিছাপে ব্যৱহাৰ কৰা হয়৷

ৰাজ্যৰ চাহ কল্যান মন্ত্ৰী পল্লৱ লোচন দাসে কয় যে প্ৰত্যেক বিধায়কে নিজৰ চাহ বাগান অঞ্চলসমূহত সকলো অবৈধ সুৰা প্ৰস্তুত কৰা ঘাটিক উচ্চেদ কৰিব লাগে ৷ লগতে বিধায়কৰ এই অভিযানত মহিলাসকলে ভাগ লোৱাৰ কথাও উল্লেখ কৰে ৷বিজেপিৰ নেতা সঞ্জয় কিষানে কয় যে, চাহ বাগান সমূহৰ কৰ্তৃপক্ষই সুৰা মুকলিকৈ বিক্ৰী কৰি থকা সকলৰ ক্ষেত্ৰত কিয় সিদ্ধান্ত গ্ৰহণ নকৰে বুলি প্ৰশ্ন কৰে ৷ চাহ বাগান সমূহৰ কৰ্তৃপক্ষকো এনেধৰণৰ ঘটনাৰ কাৰণে দোষী সাব্যস্ত কৰিব লাগে ৷

ইফালে সংসদীয় কাৰ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে আবকাৰী বিভাগে প্ৰথমতেই আবকাৰী অধিনিয়মক আইনত পৰিণত কৰিলে৷ সম্প্ৰতি কাৰাবাসৰ সময় দীঘলীয়া কৰিব লাগে, লগতে জৰিমনাৰ মাত্ৰা বৃদ্ধি কৰিব লাগে । ইতিমধ্যে চুলাইৰ প্ৰসংগত গোলাঘাট আৰু যোৰহাটত সাতটা গোচৰ দাখিল হৈছে ৷বিষাক্ত চুলাই ফৰেণিছিক পৰীক্ষাও কৰা হৈছে। গতিকে সম্প্ৰতি ৰাজ্যত একত্ৰিত হৈ চুলাইৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময় ৷

এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আবকাৰী মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই কয় যে সম্প্ৰতি সকলোৱে আবকাৰী বিভাগক সুৰা ট্ৰেজেডীৰ কাৰণে দোষী সাব্যস্ত কৰিছে ৷কিন্তু আবকাৰী বিষয়া সকলে জিলাৰ উপায়ুক্ত সকলৰ অধীনত কাম কৰে ।বিগত দুটা বৰ্ষত অবৈধ চুলাইৰ মদৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলাই প্ৰায় হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷এই ক্ষেত্ৰত গ্ৰেপ্তাৰ কৰা লোক সকলৰ শাস্তি ৩ বছৰলৈ বৃদ্ধি কৰাৰ লগতে জৰিমনা ৫ লাখলৈ বৃদ্ধি কৰা হৈছে ৷ ৰাজ্যখনত সুৰা অধিক বিক্ৰী হোৱাৰ কাৰণে ৰাজহ বৃদ্ধি হোৱা নাই ৷বৰঞ্চ ৰাজহ সংগ্ৰহ প্ৰণালীত বিভিন্ন পৰিৱৰ্তনৰ কাৰণেহে ৰাজহ বৃদ্ধি হৈছে । যদি কোনোৱে বিছাৰে যে মই পদত্যাগ কৰিব লাগে,তেন্তে মই পদত্যাগ কৰিবলৈও সাজু আছো ৷এই মন্তব্য আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com