হিজবুল মুজাহিদিনে সংঘটিত কৰিছিল জম্বু বাছ আস্থানত গ্ৰেনেড বিস্ফোৰণ

হিজবুল মুজাহিদিনে সংঘটিত কৰিছিল জম্বু বাছ আস্থানত গ্ৰেনেড বিস্ফোৰণ
Published on

আজি জম্বুৰ বাছ আস্থানত হোৱা ভয়াবহ গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰিছিল হিজবুল মুজাহিদিনে । এই তথ্য প্ৰকাশ কৰিছে জম্বুৰ আৰক্ষীৰ মহা নিৰীক্ষক মনিশ কে সিংহায়ে । ইতিমধ্যে এজনক আটক কৰিবলৈ সক্ষম হৈছে। য়াচিৰ ভাট্ট নামৰ এজনক আটক কৰিছে আৰক্ষীয়ে । বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে প্ৰতক্ষ্যদৰ্শী, CCTV কেমেৰাৰ যোগেদি এজনক আটক কৰিবলৈ সক্ষম হৈছে বুলি জনাইছে ।

বিস্ফোৰণত ১ জন নিহত আৰু ২৮ জন আহত হৈছিল। আহত কেইজনৰ ৩ জনৰ অবস্থা অতি সংকটজনক বুলি প্ৰকাশ কৰিছে । অধিক লোক সমবেত হোৱা অঞ্চলৈ লক্ষ্য কৰিয়ে সন্ত্ৰাসবাদীয়ে আক্ৰমণটো সংঘটিত কৰিছিল । জম্বুৰ বাছ আস্থানত বিগত বৰ্ষৰ মে মাহৰ পৰা এইটো তৃতীয়টো বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । ২৮ জন আহতৰ ৩ জনৰ অবস্থা অতি সংকটজনক বুলি প্ৰকাশ কৰিছে GMC হস্পিতালৰ কতৃপক্ষয়ে । ২ জনৰ অপাৰেচন ইতিমধ্যে সম্পন্ন হৈছে । বিস্ফোৰণ সংঘটিত হোৱা BC পথ বৰ্তমান বন্ধ কৰি দিয়া হৈছে । বিস্ফোৰণটো বাছ আস্থানলৈ লক্ষ্য কৰি দলিওৱাৰ ফলত হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । অঞ্চলতোত হাই এলাৰ্ট জাৰি কৰিছে । ভয়াবহ গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰিছিল হিজবুল মুজাহিদিনে বুলি প্ৰকাশ কৰিছে|

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com