তৃতীয় পৰ্যায় ভোটগ্ৰহণত পুৱা ৯ বজালৈকে ভোটৰ হাৰ ১২.৩৬ শতাংশ

তৃতীয় পৰ্যায় ভোটগ্ৰহণত পুৱা ৯ বজালৈকে ভোটৰ হাৰ ১২.৩৬ শতাংশ
Published on

আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে চাৰিটা লোকসভা সমষ্টিৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ বৰপেটা,ধুবুৰী, কোকৰাঝাৰ আৰু গুৱাহাটীত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ৷ ৯৫৭৭ টা ভোটগ্ৰহণ কেন্দ্ৰত ৭৪,৭৭,০৬২ জন ভোটাৰে ভোটাধিকাৰ সাবস্ত্য কৰিছে ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪ টা সমষ্টিত ৫৪ জন প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হৈছে ৷

সম্প্ৰতি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পুৱা ৯ বজালৈকে হোৱা ভোটৰ হাৰ হৈছে ১২.৩৬ শতাংশ ৷ ধুবুৰীত ভোটৰ হাৰ হৈছে ১৪.৫২ শতাংশ,কোকৰাঝাৰত ভোটৰ হাৰ ১০.১৪,বৰপেটাত ভোটৰ হাৰ হৈছে ১১.৭১ শতাংশ আৰু গুৱাহাটীত ভোটৰ হাৰ হৈছে ১২.৩৮ শতাংশ। ইফালে গুৱাহাটী লোকসভা সমষ্টিত ১৭ জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ৷ বৰপেটাত ১৩ জন প্ৰাৰ্থী,কোকৰাঝাৰত ৯ জন প্ৰাৰ্থী আৰু ধুবুৰীত ১৫ জন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ৷

গুৱাহাটী লোকসভা সমষ্টিত ১৭ জন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতাৰ কৰিছে। গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২১,৭৮,৬১৭ । ইয়াৰে ১১,০০,৭৪৬ পুৰুষ আৰু ১০,৭৭,৭৯৩ মহিলা। ১৫৭ তৃতীয় লিংগ ভোটাৰ আছে ।

বৰপেটা সমষ্টিত অগপৰ কুমাৰ দিপক দাস, কংগ্ৰেছৰ আব্দুল খালেক আৰু এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে প্ৰতিদন্দ্বিতা আগবঢ়াইছে । বৰপেটাত ভোটাৰ সংখ্যা হৈছে ১৬,৭৬,৮৫৪ । ইয়াৰে ৮৬,৫৩০০ পুৰুষ আৰু ৮১,১৫৩৮ মহিলা ভোটৰ আছে। ১৬ জন তৃতীয় লিংগৰ ভোটাৰ আছে ।

কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভা, বি পি এফৰ প্ৰমীলা ৰানী ব্ৰহ্ম , নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰনীয়া আৰু ইউনাইটেড পিপলচ পাৰ্টিৰ উৰ্খাও গৌৰা ব্ৰহ্ম । কোকৰাঝাৰত ভোটাৰ সংখ্যা ১৭,৬৫,৪২৩ । ইয়াৰে ৯০,০৩১৮ পুৰুষ আৰু ৪৬,৫০৬৬ মহিলা ভোটৰ । ৩৯ তৃতীয় লিংগৰ ভোটাৰ আছে ।

ধুবুৰী লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰউদ্দিন আজমল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী, অগপৰ প্ৰাৰ্থী যাবেদ ইছলাম। ধুবুৰীত ভোটাৰ সংখ্যা ১৮,৫৬,১৬৮। ইয়াৰ ৯৪,৮৯৭১ পুৰুষ ভোটাৰ থকাৰ বিপৰীতে মহিলা ভোটাৰ সংখ্যা হৈছে ৯০,৭১৭৩ আৰু ২৪ তৃতীয় লিংগৰ ভোটাৰ আছে ।

৪ টা লোকসভা সমষ্টিত ১৪৭ টা মহিলা ভোট গ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে ধুবুৰীত ২৯ টা, কোকৰাঝাৰত ১১টা, বৰপেটাত ২৪ টা আৰু গুৱাহাটীত ৭৯ টা মহিলা ভোট কেন্দ্ৰ আছে।

তৃতীয় পৰ্যায় নিৰ্বাচনত ৫২৪ টা ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ আছে। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ৩৮,৩০৮ নিৰ্বাচনী বিষয়া আৰু ২০০ নিৰাপত্তা ৰক্ষীক মোতায়েন কৰা হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com