দলৰ বিৰুদ্ধে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁঞিৰ প্ৰতিক্ৰিয়া

দলৰ বিৰুদ্ধে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁঞিৰ প্ৰতিক্ৰিয়া
Published on

কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁঞিয়ে শেহতীয়াকৈ দলৰ বিৰুদ্ধে নিৰাশাজনক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ মন্ত্ৰী ৰাজেন গোহাঁঞিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দলে তেওঁক এনেকৈ বিদায় দিব নালাগিছিল ৷ ইফালে নতুন দিল্লীৰ পৰা মন্ত্ৰী ৰাজেন গোহাঁঞি নিজৰ বাসগৃহত উপস্থিত হৈ শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখত এক সাক্ষাতত মিলিত হয়। মন্ত্ৰী ৰাজেন গোহাঁঞিয়ে কয় যে দলৰ নেতৃত্ব বৰ্গই এইবাৰ নগাঁৱৰ সংসদীয় আসনত প্ৰতিদ্বন্দিতা কৰিবৰ কাৰণে ৰাজেন গোহাঁঞিৰ পত্নীক টিকট দিয়াৰ আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু দলে সম্প্ৰতি ৰাজেন গোহাঁঞিৰ পত্নীৰ ঠাইত অন্য কাৰোবাক টিকট দিয়াৰ ব্যৱস্থা কৰে ৷

ইফালে জিলাৰ দলৰ কৰ্মীসকলৰ বিষয়ে ইংগিত দি মন্ত্ৰী ৰাজেন গোহাঁইয়ে কয় যে দলৰ কিছু নেতৃ বৰ্গই এনে ধৰণৰ সিদ্ধান্তক লৈ সন্তুষ্টি প্ৰকাশ কৰা নাই ৷ আৰু এই সন্দৰ্ভত মোৰ ওচৰত কোনো উত্তৰ নাই। আনহাতে শেহতীয়াকঋ ৰাজেন গোহাঁইৰ সন্দৰ্ভত বিভিন্ন বিতৰ্কৰ পাছত মন্ত্ৰীগৰাকীৰ মন্তব্য যে, দলত কিছুমান নতুন লোকৰ আগমণৰ পিছত মোৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ কৰা হৈছে ৷ মন্ত্ৰী ৰাজেন গোহাঁঞিয়ে মহত্বপূৰ্ণ সময়ত দলৰ নেতৃত্ব দিছিল আৰু ভৱিষ্যতেও কৰি যাব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com