দিল্লীক পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি দিয়াৰ প্ৰতিশ্ৰুতিৰে আম আদমী পাৰ্টিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

দিল্লীক পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি দিয়াৰ প্ৰতিশ্ৰুতিৰে আম আদমী পাৰ্টিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি
Published on

আম আদমী দলে বৃহস্পতিবাৰে আগন্তক নিৰ্বাচনৰ কাৰণে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে ৷ নিৰ্বাচনী ইস্তাহাৰত আম আদমী দলে দিল্লীক পূৰ্ণ ৰাজ্য ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ লগতে চহৰখনত থকা সকলো সমস্যা সমাধান কৰাৰ কথাও উল্লেখ কৰে ৷ নিৰ্বাচনী ইস্তাহাৰত পূৰ্ণ ৰাজ্যৰ প্ৰতিশ্ৰুতি থকাৰ লগতে দিল্লীৰ লোকসকলৰ বিভিন্ন সপোন বাস্তৱত ৰূপায়িত হোৱাৰ কথা উল্লেখ থাকে। মুখ্য মন্ত্ৰী অৰবিন্দ কেৰজিৱালৰ দ্বাৰা মুকলি কৰা ৩৫ পৃষ্ঠাৰ নিৰ্বাচনী ইস্তাহাৰত নাম "লে কৰ ৰহেংগে পূৰ্ণ ৰাজ্য" ৷

ইফালে ইস্তাহাৰ খনত মহিলা সুৰক্ষা,আইন কানুন ব্যৱস্থাৰ উন্নতিৰ কথা থকাৰ লগতে, যুৱক যুৱতীসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰা, উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী সকলে মহাবিদ্যালয়ত এডমিশ্যন হোৱা , প্ৰত্যেক জন দিল্লীবাসীৰ নিজৰ বাসগৃহ লাভ, দিল্লীক স্বচ্ছ আৰু সুন্দৰ চহৰ হিছাপে গঢ়ি তোলা আদি বিভিন্ন প্ৰতিশ্ৰুতি আছে। অৰবিন্দ কেজৰিৱালাৰ নিৰ্বাচনী ইস্তাহাৰত দিল্লীৰ সৰ্বাঙ্গীন বিকাশৰ কাৰণে সকলো পদক্ষেপ হাতত লৈ, আগবাঢ়ি যোৱাৰ কথা উল্লেখ আছে ৷

অন্যহাতে ১২ মে’ত অনুষ্ঠিত হ’ব লগা লোকসভা নিৰ্বাচনত বিজেপি,কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ মাজত ত্ৰিকোণীয়া নিৰ্বাচনী প্ৰতিদ্বন্দিতা হ’ব ৷ দিল্লীক একমাত্ৰ পূৰ্ণ ৰাজ্য ঘোষণা কৰাৰ উদ্দেশ্য আগত ৰাখি আম আদমী পাৰ্টিয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা অনুষ্ঠানত আম আদমী পাৰ্টিৰ মনীষ চিচোদিয়া,গোপাল ৰায় আৰু সঞ্জয় সিঙ উপস্থিত আছিল ৷ আম আদমী পাৰ্টিয়ে কয় যে কংগ্ৰেছ আৰু বিজেপিয়ে বহু ক্ষেত্ৰত দিল্লীৰ লোকসকলক বিশ্বাসঘাটকতা কৰিছে ৷

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি অৰবিন্দ কেৰজিৱালে কয় যে প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰাকমুহুৰ্তত মোডীয়ে দিল্লীক পূৰ্ণ ৰাজ্য হিছাপে স্বীকৃতি দিয়াৰ কথা দাবী কৰিছিল ৷কিন্তু সেই কথা বাস্তৱত পৰিণত নহ’ল৷ উল্লেখ্য যে , সংসদত বহু দলে দিল্লীক পূৰ্ণ ৰাজ্য ঘোষণা কৰাৰ কাৰণে দাবী কৰাৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com