দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰা হ'ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ

দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰা হ'ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ
Published on

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক আন এটা দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰা হল। অল-আজিজিয়া ষ্টিল মিল দুৰ্নীতিৰ গোচৰত প্ৰাক্তন পাকিস্তানী প্ৰধানমন্ত্ৰী জনক সাত বছৰ সশ্ৰম কাৰবাসৰ নিৰ্দেশ দিলে পাকিস্তান আদালতে। ইয়াৰ বিপৰীতে ফ্লাগশ্বিপ ইনভেস্টমেণ্ট দুৰ্নীতিৰ গোচৰত নৱাজ শ্বৰীফক নিৰ্দোশী ঘোষণা কৰিলে পাকিস্তান আদালতে। বিগত সপ্তাহত এই দুৰ্নীতিৰ বিচাৰৰ ৰায় স্থগিত ৰাখিছিল প্ৰধান বিচাৰক মহম্মদ আৰশাদ মালিকে। সোমবাৰে এই দুয়োটা বিচাৰৰ ৰায় দান প্ৰদান কৰে পাকিস্তান আদালতে। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল সোমবাৰে দুয়োটা গোচৰৰ ৰায়দান প্ৰদান কৰাৰ বাবে। সেই নিৰ্দেশৰ ভিত্তিত পাকিস্তানৰ তিনিবাৰৰ প্ৰধান মন্ত্ৰী ৬৮ বছৰীয়া নৱাজ শ্বৰীফক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰে আদালতে। বিচাৰকে ৰায় প্ৰদান কৰাৰ আগতে নৱাজ শ্বৰীফে ঘোষণা কৰিছিল যে তেওঁ কোনো ধৰণৰ অসৎ কাম কৰা নাই, দেশৰ জনসাধাৰণৰ ভালৰ বাবে সদায় সৎ ভাবে সকলো কৰি গৈছে। শ্বৰীফৰ বিৰুদ্ধে ন্যেচেনেল একাউণ্টিবিলিটি ব্যুৰো চমুকৈ ন্যাবে অফেনচিফ প্ৰ'পাৰটি, ফ্লাগশ্বিপ ইনভেষ্টমেন্ট আৰু অল-আজিজিয়া এই তিনিটা দোষৰ বাবে তদন্ত আৰম্ভ কৰিছিল।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ছয়মাহৰ ভিতৰতে গোচৰ নিষ্পত্তি কৰাৰ আদেশ লাভ কৰিছিল ন্যাবে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি ন্যাবে গোচৰৰ বাবে বেছি সময় হাতত নললে। চলিত বছৰৰে জুলাই মাহত অফেনচিফ প্ৰ'পাৰটিৰ গোচৰত শ্বৰীফক ১১ বছৰৰ বাবে কাৰাদণ্ড বিহা হৈছিল। নৱাজ শ্বৰীফৰ কন্যা মাৰিয়ম আৰু জোৱাই মহম্মদ শ্বাফদাৰক উক্ত অভিযোগতে ক্ৰমে আঠ বছৰ আৰু এক বছৰ কাৰাদণ্ড বিহা হয়। শ্বৰীফৰ বিৰুদ্ধে উঠা অভিযোগ হৈছে শ্বৰীফে দুৰ্নীতিৰ টকাৰে লণ্ডন চহৰত চাৰিটা ফ্লাট কিনিছে। চেপ্তেম্বৰ মাহত ইছলামাবাদ উচ্চ ন্যায়ালয়ে শ্বৰীফত জামীনত কিছু দিনৰ বাবে মুক্তি কৰি দিছিল। ইয়াৰ আগেয়ে ২০১৭ চনত নৱাজ শ্বৰীফক পানামা পেপাৰ কেলেংকাৰীত দোষী সাব্যস্ত কৰা হৈছিল। এই অভিযোগৰ বাবে প্ৰধান মন্ত্ৰী হৈ থকা অবস্থাতে জেললৈ জাব লগা হৈছিল নৱাজ শ্বৰীফ। উল্লেখ্য যে বিগত পাকিস্তান সাধাৰণ নিৰ্বাচনত নৱাজ শ্বৰীফে কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। ইমাৰণ খানৰ দলৰ বিৰুদ্ধে শক্তিশালী ভাবে নিৰ্বাচনত নৱাজ শ্বৰীফৰ দলে প্ৰতিদ্বন্দিতা কৰিলেও শেষ ৰক্ষা নহল নৱাজ শ্বৰীফৰ। এতিয়া ৰঙা ঘৰতে সময় কটাব লাগিব এসময়ৰ দেশৰ প্ৰভাৱশালী প্ৰধানমন্ত্ৰী গৰাকীয়ে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com