দেশ কপোৱাঁ অভিনীল হত্যাকাণ্ডৰ প্ৰথম সাক্ষীৰ দিন ধাৰ্য আদালতৰ

দেশ কপোৱাঁ অভিনীল হত্যাকাণ্ডৰ প্ৰথম সাক্ষীৰ দিন ধাৰ্য আদালতৰ
Published on

দেশ বিদেশৰ লগতে ৰাজ্য কপাঁই যোৱা অভি নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আজিৰ পৰা৷ আজি নগাঁৱৰ সত্ৰ ন্যায়াধীশ আদালতত বিচাৰ চলিছিল অভি নীল হত্যাকাণ্ডৰ ৷ এই সন্দৰ্ভত আদালতে ২০১৯ বৰ্ষৰ ৫ জানুৱাৰি ত বিচাৰ প্ৰক্ৰিয়াৰ শুনানি দিন ধাৰ্য কৰিছে৷এই সন্দৰ্ভত নিলোৎপল অভিজিতৰ পিতৃয়ে কয় যে,আইনৰ ওপৰত আমাৰ বিশ্বাসৰ লগতে আস্থা আছে ৷

উল্লেখ্য যে,অভি নীল হত্যাকাণ্ডৰ এই সমগ্ৰ বিষয়টো মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে কাৰ্বি আংলঙৰ চেচন আদালতৰ পৰা নগাঁও চেচন আদালতলৈ স্থানান্তৰিত কৰিছিল ৷আজি নগাঁও আদালতত ৪৭ জন অভিযুক্ত উপস্থিত আছিল ৷ ইফালে অভিনীল হত্যাকাণ্ড গোচৰটো IPC ৩০২/১৪৯ ধাৰা দিয়া হৈছে ৷

অন্যহাতে,অভিনীল হত্যাকাণ্ডৰ প্ৰথম সাক্ষীৰ কাৰণে শুনানিৰ দিন ধাৰ্য কৰিছে ০৫/০১/২০১৯ ৷লগতে আজি আদালতত অভিনীল হত্যাকাণ্ডত জড়িত অভিযুক্তসকলক হেণ্ডকাফ লগাই আদালতলৈ অনাটো যুক্তিগত নে বিধি সন্মত সেই বিষয়ে আজি আদালতত যুক্তি তৰ্ক চলিছিল ৷ আৰু হেণ্ডকাফ লগাই আদালতলৈ অনাৰ বিষয়টোৰ সন্দৰ্ভটো আদালতে শুনানি ল’ব অহা বৰ্ষৰ ৫ জানুৱাৰিত ৷

উল্লেখ্য যে,বিগত ৮ জুনত কাৰ্বিআংলঙৰ ডকমকাত কাংঠিলাংছত প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যাওতে অতি নৃশংস ভাৱে হত্যা কৰা হৈছিল দুই যুৱক অভিজিৎ আৰু নীলোৎপলক৷এই হত্যাকাণ্ডই কপাঁই গৈছিল সমগ্ৰ দেশ ৷ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ জনতা ৷সম্প্ৰতি দেশ বাসীয়ে আশা কৰিছে অভিজিৎ নীলোৎপলে ন্যায় পাওঁক ৷

অন্য খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com