দেশবাসীৰ বহু প্ৰত্যাশিত জি এছ টিৰ তালিকা প্ৰকাশ: দিল্লীত জি এছ টি পৰিষদৰ বৈঠক

দেশবাসীৰ বহু প্ৰত্যাশিত জি এছ টিৰ তালিকা প্ৰকাশ: দিল্লীত জি এছ টি পৰিষদৰ বৈঠক
Published on

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে শনিবাৰে আগন্তক নৱবৰ্ষৰ লগত সংগতি ৰাখি দেশবাসীলৈ উপহাৰ হিচাপে ২৩ বিধ সামগ্ৰীত পণ্য আৰু সেৱা কৰ অৰ্থাৎ জিএছ টি হ্ৰাস কৰে ৷ দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হোৱা এক বৈঠকৰ পিছত বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে শনিবাৰে মন্তব্য কৰে যে ৩৩ বিধ সামগ্ৰীৰ কৰ হ্ৰাস কৰা হৈছে। ইয়াৰ ভিতৰত আছে চিনেমা টিকট, ৩২ ইঞ্চিৰ টেলিভাশ্যন,টায়াৰ, কম্পিউটাৰ মনিটৰছ,ভিডিঅ’ গেম,পাৱাৰ বেঙ্ক,হুইলচেয়াৰ আদি মূল্য হ্ৰাস পাইছে ৷ লগতে জি এছ টিৰ কৰ হ্ৰাস কৰা সিদ্ধান্তৰ পিছতে ২৮ শতাংশ কৰ আৰোপ কৰা ৭ বিধ সামগ্ৰীক ইয়াৰ আওতাৰ পৰা আঁতৰোৱা হয় ।

আনহাতে ১০০ টকাৰ মূল্যৰ চিনেমা টিকটৰ মূল্য ২৮ শতাংশৰ পৰা ১৮ শতাংশ কৰা হৈছে। যিসমুহৰ সামগ্ৰী মূল্য ২৮ শতাংশৰ পৰা ১৮ শতাংশ কৰা হৈছে তাৰ ভিতৰত আছে , যান বাহনৰ পাৰ্টছ,টিভি, কম্পিউটাৰৰ মনিটৰৰ লগতে পুনৰ ব্যৱহাৰ ৰবৰৰ টায়াৰ ৷ ইফালে সম্প্ৰতি ২৭ বিধ সামগ্ৰীৰ ২৮ শতাংশ কৰ আৰোপ কৰা হ’ব ৷ এই ২৮ শতাংশ কৰ আৰোপ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে চিগাৰেট,ধঁপাতজাতীয় সামগ্ৰী আৰু গাড়ী আছে ৷ ধৰ্মসম্পৰ্কীয় ভ্ৰমনৰ ক্ষেত্ৰত বিমানৰ টিকটৰ মুল্যত ৫শতাংশ জি এছ টি লগোৱা হ’ব ৷আনহাতে জোতা চেণ্ডেলৰ GST ৰ হাৰ ১৮ শতাংশৰ পৰা ১২ৰ পৰা ৫ শতাংশ কৰা হৈছে। লগতে ধন জন আঁচনিৰ অধীনত খোলা বেছিক ছেভিং বেংক একাউন্টৰ গৰাকীক GST ৰ পৰা বাদ দিয়া হৈছে ৷ লগতে বিত্ত মন্ত্ৰী অৰুন জেটলিয়ে কয় যে চিমেন্টত জি এছ টিৰ হাৰ হ্ৰাস কৰিলে প্ৰায় ৫,৫০০ কোটি টকাৰ বোজা বৃদ্ধি পাব ৷

ইফালে শাক পাছলি তথা ৰাসায়নিক দ্ৰব্যৰে সংৰক্ষিত কৰা শাক পাচলিসমুহৰ GST আৰোপ কৰা নহয় ৷ উল্লেখ্য যে ভেৰিক্যল পুল্যে,ট্ৰান্সমিশ্যন শ্বেপট,ক্ৰেঙ্ক,গিয়েৰ বক্স,৩২ ইঞ্চিৰ মনিটৰ আৰু টেলিভেশ্যন,পুনৰ ব্যৱহাৰৰ টায়াৰ,পাৱাৰ বেঙ্ক,ডিজিটেল কেমেৰা,ভিডিঅ’ কেমেৰা ৰেকৰ্ডাৰ,ভিডিঅ’ গেমৰ পূৰ্বৰ জি এছ টি আছিল ২৮ শতাংশ ৷ এতিয়া এইসমূহ বস্তুৰ জি এছ টি হ’লগৈ ১৮ শতাংশ ৷ ইফালে দিব্যাংগসকলৰ প্ৰয়োজনীয় বস্তুসমূহৰ মূল্য ২৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস হয়। কৰ্ক আৰু প্ৰাকতিক কৰ্কৰ নিৰ্মিত সামগ্ৰীৰ মূল্য ১৮ শতাংশৰ পৰা ১২ শতাংশ হ্ৰাস কৰা হৈছে। মাৰ্বল ৰাবলৰ মূল্য ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে ৷প্ৰাকৃতিক কৰ্ক,ৱাকিং ষ্টিক,ফ্লাই এছ ব্লকৰ মুল্য ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে ৷ মিউজিক বুকৰ মুল্য ১২ শতাংশৰ পৰা শূন্য কৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানত ফ্ৰিজত ৰখৰ শাক পাচলি বা ব্ৰেণ্ডড শাক পাচলি,সাময়িক ভাৱে ছালফাৰ ডাই অক্সাইড আদিৰে সংৰক্ষণ কৰা শাক পাচলি, নবীকৰণ যোগ্য শক্তিৰ বাবে ব্যৱহৃত যন্ত্ৰ আৰু যন্ত্ৰসমূহৰ সামগ্ৰীৰ কৰ ৫ শতাংশৰ পৰা শূন্য কৰ কৰা হয়।

সেৱা কৰৰ ভিতৰত ১০০ টকাৰ মূল্যৰ চিনেমা টিকট ২৮ শতাংশৰ পৰা ১৮ শতাংশ কৰা হয়। ১০০ টকা পৰ্যন্ত চিনেমা টিকট,পণ্য পৰিবাহী গাড়ীৰ তৃতীয় পক্ষৰ বীমা প্ৰিমিয়াম,প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনৰ একাউন্টৰ জি এছ টি বিলোপ আৰু ধৰ্মীয় উদ্দেশ্যৰ বিমানযাত্ৰাত জি এছ টি ১৮ শতাংশৰ পৰা ১২ শতাংশ-৫ শতাংশলৈ হ্ৰাস কৰা হয় । সমাগত ২০১৯ ৰ লোকসভা নিৰ্বাচন৷ বিগত পাঁচ ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনৰ পিছতে ২৩ বিধ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ কৰ হ্ৰস প্ৰসংগ বিশেষভাৱে উল্লেখ্যনীয় হৈ পৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com