শীৰ্ষ বাতৰি
দেশৰ শীৰ্ষ নেতাক ভোটাৰসকলক উৎসাহিত কৰিবৰ কাৰণে আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে আগন্তক নিৰ্বাচনত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী,ৰাজনৈতিক নেতা,অভিনেতা, ব্যৱসায়িক নেতা সকলক ভোটদানৰ ক্ষেত্ৰত ভোটাৰসকলক উৎসাহিত কৰিবৰ কাৰণে আহ্বান কৰে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰ যোগে ৰাহুল গান্ধী,পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী,এপিচিৰ মুখ্য শৰদ পাৱাৰ,মায়াৱতী, অখিলেশ যাদৱ,তেজস্বী যাদৱ,এম কে ষ্টালিনক ভোটাৰ সকলক উৎসাহিত কৰাৰ কাৰণে আহ্বান কৰে ৷
লগতে প্ৰধানমন্ত্ৰী মোডীয়ে পিভা সিন্ধু,চাইনা নেহুৱাল,এচ কিদাম্বি,অমিতাভ বচ্চন,শ্বাহৰুখ খান,ৰতন টাটা,আনন্দ মহিন্দ্ৰাৰ নামো উল্লেখ কৰে ।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি