দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱত শিক্ষয়িত্রীৰ ৰূপত বিধায়িকা অাঙুৰলতা ডেকা

দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱত শিক্ষয়িত্রীৰ ৰূপত বিধায়িকা  অাঙুৰলতা ডেকা
Published on

সময়ে সময়ে ভিন ভিন ৰূপত অৱতীৰ্ণ হোৱা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকাক এইবাৰ দেখা গ'ল শিক্ষয়ত্ৰীৰ ৰূপত। অভিনেত্ৰী নহলে শিক্ষয়ত্ৰী হোৱাৰ সপোন পুহি ৰখা বিধায়িকা গৰাকী মঙলবাৰে দ্বিতীয় পৰ্য্যয়ৰ গুণোৎসৱ উপলক্ষে বৰচিলা মজলীয়া বিদ্যালয়ত উপস্হিত হৈ ছাত্ৰ ছাত্ৰীক পাঠদান কৰি নিজৰ শিক্ষয়ত্ৰী হোৱাৰ সপোন পূৰন কৰিলে।

ইপিনে বিধায়িকা অাঙুৰলতাক শিক্ষয়ত্ৰী ৰূপত চাবলৈ হেতা ওপৰা লগালে বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীয়ে ।সমগ্ৰ ৰাজ্যত অাৰম্ভ হৈছে শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে তথা বিদ্যালয়সমুহৰ গুনগত মান নিৰ্ধাৰন কৰাৰ বাবে গুণোৎসৱ। গুনোৎসৱ উপলক্ষে এক ওখল মাখল পৰিৱেশ দেখা গৈছে ৰাজ্যৰ বিদ্যালয় সমূহত । মঙলবাৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকাই গুনোৎসৱ উপলক্ষে পৰিদৰ্শন কৰে বটদ্ৰৱাৰসমষ্টিৰ অন্তৰ্গত মৰিগাঁও শিক্ষাখন্ডৰ কেইবাখনো বিদ্যালয়।প্ৰথমতে চাবুকধৰাৰ শ্বহীদ হেমেন্দ্ৰ নাথ বৰদলৈ মধ্য ইংৰাজী বিদ্যালয়ৰ পাছতেই বৰচিলা মজলীয়া বিদ্যালয়ত প্ৰৱেশ কৰে। শ্বহীদ হেমেন্দ্ৰনাথ বৰদলৈ বিদ্যালয়ত প্ৰৱেশ কৰি ছাত্ৰ -ছাত্ৰী সকলৰ লগত মত বিনিময় কৰি ললে ছাত্ৰ ছাত্রীৰ সমস্যাৰ বুজ লয় বিধায়িকা গৰাকীয়ে ।

তাৰপিছতেই বিধায়িকা গৰাকীয়ে বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী সকলৰ সৈতে মত বিনিময় কৰি বিদ্যালয় সমূহৰ অভাৱ অভিযোগৰো বুজ লয় অাৰু অতি সোনকালে এই সমস্যা সমূহ সমাধানৰো অাশ্বাস প্ৰদান কৰে । অানহাতে শ্ৰেণীকোঠাত পাঠদানৰ মাজতে ছাত্ৰ ছাত্ৰীৰ লগতে বিধায়িকা গৰাকীয়েও কণ্ঠ নিগৰালে ভূপেন হাজৰিকাৰ কালজয়ী গীত "মানুহে মনুহৰ বাবে"। বিধায়িকাগৰাকীয়ে গুনোৎসৱ উপলক্ষে বিদ্যালয় সমূহৰ এই সুন্দৰ পৰিৱেশ অাগলৈয়ে যাতে অটুট ৰাখে তাৰ প্ৰতি অাহবান জনায় শিক্ষক শিক্ষয়ত্ৰীক ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com