দৰং জিলাত অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ পৰিবহন বিভাগৰ

দৰং জিলাত অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ পৰিবহন বিভাগৰ
Published on

২০১৭-১৮ বৰ্ষত ৰাজ্যৰ পৰিবহন বিভাগত কৰ সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখৰ দিশে আগবাঢ়িছে দৰং জিলা পৰিবহন বিভাগ। যি সময়ত জিলাখনৰ বেছিভাগ বিভাগতে অকামিলা দুৰ্নীতিয়ে গা কৰি উঠিছে সেই সময়তে জিলাখনৰ পৰিবহন বিভাগ অধিক কৰ সংগ্ৰহেৰে অভিলেখৰ দিশে আগবাঢ়িছে।

জানিব পৰা মতে ২০১৬-১৭ বিত্তীয় বৰ্ষত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৭.৭২ কোটি টকাৰ বিপৰীতে সংগ্ৰহ হৈছিল ৮ কোটি ৫৮ লাখ ৯৩ হাজাৰ ৩৩৫ টকা। উক্ত বৰ্ষত পৰিবহন বিভাগে অতিৰুক্ত ভাৱে ৮৬ লাখ ৯৩ হাজাৰ ৩৩৫ দিবলৈ সক্ষম হৈছিল।

২০১৭-১৮ বৰ্ষত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ১১ কোটি ন লাখ টকাৰ বিপৰীতে ১৩ কোটি ৫ লাখ ৫৪ হাজাৰ ৪৮৫ টকাৰ ৰাজহ সংগ্ৰহ কৰে। দুই কোটিৰো অধিক টকা এই বৰ্ষত বিভাগটোৱে অকল্পনীয় ভাৱে সংগ্ৰহ কৰে।

জিলা পৰিবহন বিষয়া দিপাঞ্জলী বৰাৰ তৎপৰতাত কাৰ্যালয়টোৰ কৰ্মচাৰীৰ সক্ৰিয় সহযোগিতাত বিভাগটোৱে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা চেপ্তেম্বৰ মাহলৈ নিৰ্ধাৰিত ৰাজহ সংগ্ৰহতো অভিলেখ সৃষ্টি কৰিছে বিভাগটোৱে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com