নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা মনিপুৰক আটৰত ৰাখক: মুখ্যমন্ত্ৰী বিৰেণ সিং

নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা মনিপুৰক আটৰত ৰাখক: মুখ্যমন্ত্ৰী বিৰেণ সিং
Published on

মনিপুৰৰ মুখ্যমন্ত্ৰী বিৰেণ সিঙে শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙলৈ মনিপুৰ পিপ'ল প্ৰটেকচন বিধেয়ক-২০১৮ ক সন্মান জনাবলৈ আহ্বান কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৯ ৰ পৰা মনিপুৰক আটৰত ৰখাৰ বাবে অনুৰোধ কৰিছে।

মনিপুৰত অমনিপুৰী লোকৰ প্ৰবেশ আৰু প্ৰস্থান নিয়ন্ত্ৰণ কৰাৰ বাবে মনিপুৰ বিধান সভাই ২০১৮ চনত মনিপুৰ পিপ'ল প্ৰটেকচন বিধেয়ক গৃহীত কৰিছিল। পৰবৰ্তী পৰ্য্যয়ত কেন্দ্ৰীয় কেবিনেট আৰু লোকসভাই নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত কৰিছিল।মনিপুৰৰ মুখ্যমন্ত্ৰী বিৰেণ সিঙে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা মনিপুৰক আটৰাই ৰাখিবলৈ অনুৰোধ কৰি কয় যে মণিপুৰৰ জনসাধাৰণে এই বিধেয়ক কেতিয়াও গ্ৰহণ নকৰে। ইতিমধ্যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ক লৈ নেছোৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি:

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com