নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া শিৱসেনাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া শিৱসেনাৰ
Published on

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দেশবাসীয়ে আন্দোলন কৰি থকাৰ সময়তে এইবাৰ বিতৰ্কিত বিধেয়কখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱ সেনাই (Shivsena)৷ বুধবাৰে বিধেয়কখনৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু নেছ’ৰ এক প্ৰতিনিধিমণ্ডলে সাক্ষাৎ কৰে শিৱসেনাক ৷ এই সময়তে বিধেয়কখনক বাতিল কৰিবলৈ নিজৰ সমৰ্থন আগবঢ়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উৰ্দ্ধৱ ৱাল কেশৱ ঠাকৰেই ৷ বিতৰ্কিত বিধেয়কখনৰ সন্দৰ্ভত ঠাকৰেই কয় যে, এই বিধেয়কখন দেশৰ কাৰণে অত্যন্ত বিপদজ্বনক ৷এইখন বাতিল হ’বই লাগিব ৷ আমি বিদেশী লোকক সুৰক্ষা দিয়াৰ স্বাৰ্থত স্বদেশী লোক সকলৰ লগত খেলিব নোৱাৰোঁ ৷আমি বিধেয়কখন বাতিল কৰিবৰ কাৰণে অন্যান্য দল সংগঠনৰ লগত একত্ৰিত হ’ম আগবাঢ়িম ৷

ইফালে আছুৰ লগতে প্ৰতিনিধিমণ্ডলে বিধেয়কখনত লৈ ঠাকৰেৰ সমৰ্থনক আদৰণি জনাইছে ৷লগতে ৰাজ্যসভাত যাতে বিধেয়ক খন গৃহীত নহয় তাৰ কাৰণেও সমৰ্থন বিচাৰিছে প্ৰতিনিধিমণ্ডলে ৷ ছাত্ৰ সংগঠনটোৱে ঠাকৰেক জনাই যে উত্তৰ পূব আৰু অসম বিশেষ ৰূপত অবৈধ বাংলাদেশীৰ কাৰণে এক আশ্ৰয় স্থলত পৰিণত হৈছে ৷ যদি এই বিধেয়কখন গৃহীত হয় তেন্তে স্বদেশী লোকসকলৰ পৰিচয় বিপন্ন হ’ব ৷এই মন্তব্য আছুৰ সভাপতি দীপক কুমাৰ নাথ ৷উল্লেখ্য যে,ছাত্ৰ সংগঠনৰ প্ৰতিনিধিমণ্ডলে ত্ৰিপুৰা প্ৰসংগত মন্তব্য কৰি কয় যে,ৰাজ্যখনত ত্ৰিপুৰাসকলৰ অৱস্থিতি অত্যন্ত দুখজনক ৷গতিকে এই বিধেয়কখন যদি গৃহীত হয় তেন্তে নিজৰ পৰিচয়ৰ উপৰত প্ৰভাৱ পৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com