নিৰ্বাচনী মেমচ, দুবচমাস্চে ছছিয়েল মেডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে

নিৰ্বাচনী মেমচ, দুবচমাস্চে ছছিয়েল মেডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে
Published on

নতুন ভোটাৰ, ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু জন সংযোগ সংস্থা আদিয়ে আঞ্চলিক ভাষাতো ছছিয়েল মেডিয়াতে মেমচ আৰু দুবাচমাস্চৰ জৰিয়তে ধুমুহাৰ সৃষ্টি কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "আচ্ছে দিন " আৰু " মে ভি চকীদাৰ " আদিৰ বিপৰিতে ৰাহুল গান্ধীৰ " আলু দাল' চনা নিকলেগা" আদি মেমচ আৰু দুবাচমাস্চে নিৰ্বাচনৰ সময়ত ছছিয়েল মেডিয়াত প্ৰভাৱ বিস্তাৰ কৰিছে ।

উদাহৰণ স্বৰূপে "জয় হিন্দ" দুবাচমাস্চৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেনেকৈ বহুতো বাধাৰ মাজতো শুদ্ধ পথত অগ্ৰসৰ হৈছে তাৰে প্ৰকাশ কৰিছে ।

আনহাতে কংগ্ৰেছৰ সমৰ্থকৰ ভিডিঅ " ভাক্ত কা ছাচমা" ত কোনো উন্নয়নৰ নোহোৱাৰ লগতে, নিবনুৱা সমস্যা আৰু খেতিয়কৰ নিৰাশা , বাসস্থান, স্বাস্থ্য ব্যবস্থাৰ অভাৱ আদি প্ৰতিফলিত কৰিছে।

আনহাতে বিজেপিৰ সমৰ্থকৰ ভিডিঅ এটাত " ভক্ত কা ছচমা " ক পাহৰি যাবলৈ কোৱাৰ লগতে বিজেপিক ভোট দিবলৈ আহ্বান জনাইছে আৰু সকলো সমস্যাৰ সমাধান কৰা হব বুলি প্ৰকাশ কৰা হৈছে ভিডিঅৰ যোগেদি ।

উল্লেখযোগ্য যে "গেম অব থ্ৰনচ " ছিজন ৮ প্ৰচাৰ শীৰ্ষত আছে। যত মোদীক খলনায়ক হিচাপে " নাইট কিং" হিচাপে প্ৰতিফলিত কৰিছে ।

ভোটাৰৰ মাজত সজাগতাৰ বাবে নিৰ্বাচনী আয়োগে টুইটাৰ যোগে "উইনটাৰ ইজ কামিং" প্ৰকাশ কৰিছে ।নিৰ্বাচনী আয়োগে জনপ্ৰিয় ছিৰিজ আৰু ছবিৰ সৃষ্টি মূলক মেমচ ব্যবহাৰ কৰিছে, যিয়ে নতুন ভোটাৰৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি টুইটাৰ ইউজাৰে প্ৰকাশ কৰিছে ।

এই সপ্তাহৰ প্ৰথমতে ৰাষ্ট্ৰীয় জনতা দলৰ অধক্ষ্য আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদবে পুৰণি ১৭ ছেকেণ্ডৰ এটা ভিডিঅ দুবাচমাস্চত শ্বেয়াৰ কৰিছে । এই ভিডিঅটোত নিজকে ২০১৪ চনৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি "আচ্ছে দিন " ৰ মোহত থকা পৰিলক্ষিত হৈছে ।

এই দুবাচমাস্চ ভিডিঅটো শীৰ্ষ বাক্য " মুফট মে লেল' ১৫ লাখ, আচ্ছে দিন অৰ জুমলা" । টুইটাৰত এই ভিডিঅটোত ১৮০০ কমেন্ট আৰু ২৭০০ পুনৰ টুইট আৰু ১৪,০০০ টা লাইক আছে।

প্ৰধানমন্ত্ৰী মোদীৰ " পিএম নৰেন্দ্ৰ মোদী" শীৰ্ষক বায়পিকৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পাছত " মা, মই সন্যাসী হব বিচাৰোঁ " শীৰ্ষক মেমচে ছছিয়েল মেডিয়াত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে ।

উল্লেখযোগ্য যে বিতৰ্কিত চীনৰ এপ "টিক টক" দেশত নিষিদ্ধ কৰা হৈছে । য'ত মেমচ আৰু দুবাচমাস্চে ভৰি আছিল ।

টুইটাৰৰ যোগে " টিক টক বন্ধ কৰা হৈছে, ৰাহুল গান্ধীক নহয়। অব্যাহত থাকিব আৰু মনোৰঞ্জনো অব্যাহত থাকিব " বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com