নিৰ্বাচনৰ পাছত বিষয়া সকলে কেৱল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কামত নিয়োজিত হব: উচ্চতম ন্যায়ালয়

নিৰ্বাচনৰ পাছত বিষয়া সকলে কেৱল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কামত নিয়োজিত হব: উচ্চতম ন্যায়ালয়
Published on

বুধবাৰে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় দিছে । লোকসভা নিৰ্বাচন শেষ হোৱাৰ পাছত বিষয়া সকল কেৱল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াত নিয়োজিত হবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে ।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ গোচৰৰ শুনানি গ্ৰহণ কৰি কয় ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ কামত জৰিয়ত বিষয়া সকল কেৱল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামতে নিয়োজিত হব।আৰ জি আই আৰু এন আৰ চিৰ সম্বনয়কাৰীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ অগ্ৰগতি পক্ৰিয়াৰ পৰ্যবেক্ষন কৰিব ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, " আমি উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাইছোঁ । উচ্চতম ন্যায়ালয়ৰ তদাৰকত অসমে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্ভৱ বুলি প্ৰকাশ কৰে ।

লগতে তেওঁ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ পক্ৰিয়াত নিয়োজিত বিষয়া সকলক আহ্বান জনাই যে কাম সমূহ গুৰুত্ব সহকাৰে কৰিবলৈ । আমি জানো যে বহুতো অবৈধ বিদেশীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰে সমুজ্জ্বল ভট্টাচাৰ্যয়ে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com