
উত্তৰপূৰ্বাঞ্চলৰ তৈল খণ্ডত সবাতোতকৈ বৃহৎ বিনিয়োগ কৰিলে কেন্দ্ৰীয় চৰকাৰে।নুমলিগড়ৰ শোধনাগাৰৰ প্ৰকল্পৰ সম্পসাৰণৰ বাবে কেন্দ্ৰই ২২,৫৯৪ কোটি টকা অনুমোদন প্ৰদান কৰিছে।উত্তৰপূৰ্বাঞ্চলৰ তৈল খণ্ডৰ অধিক উন্নয়নৰ বাবে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বৃহৎ বিনিয়োগটো কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।প্ৰকল্পটোত দুখন দেশৰ সৈতে ১,৩৯৮ কিলো মিটাৰৰ পাইপ লাইন নিৰ্মান কৰা লগতে উড়িষাৰ পৰা নুমলিগড়লৈ খাৰুৱা তেলৰ যাতায়াতৰ বাবে ৬৫০ কিলোমিটাৰৰ পাইপ লাইন নিৰ্মান কৰা হব।২০১৭-১৮ বৰ্ষত নুমলিগড় শোধনাগাৰৰ তেল শিলিগুৰিৰ পৰা ৰেলৰ জড়িয়তে বাংলাদেশলৈ ২৫,০০০ টন আৰু ৩০ টন ডিজেল ম্যানমাৰলৈ মৰেহ-টামু সীমান্তৰ জড়িয়তে প্ৰেৰণ কৰিছিল।সেই সমস্যা সমূহ এই প্ৰকল্পৰ পাছত দূৰ হব বুলি জানিব পৰা গৈছে।