প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুকলি কৰিলে নতুন মুদ্ৰা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুকলি কৰিলে নতুন মুদ্ৰা
Published on: 

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে নতুন মুদ্ৰাৰ ছিৰিজ । ১ টকীয়া, ২ টকীয়া, ৫ টকীয়া, ১০ টকীয়া আৰু ২০ টকীয়া মুদ্ৰা ।

নতুন দিল্লী ৰ লোক কল্যাণ মাৰ্গত অনুষ্ঠিত অনুষ্ঠানত বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে নতুন মুদ্ৰাৰ। এই অনুষ্ঠানত বিশেষকৈ দৃষ্টিহীন শিশুক নিমন্ত্ৰণ জনোৱা হৈছিল ।প্ৰধানমন্ত্ৰী মোদীয়ে দৃষ্টিহীন শিশু সকলৰ লগত কথা পাতি আনন্দ প্ৰকাশ কৰে।

ৰিজাৰ্ভ বেংকৰ নীতি অনুসৰি মুদ্ৰা কেইটা মুকলি কৰিছে চৰকাৰে । নতুন মুদ্ৰা মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মুদ্ৰাই দৃষ্টিহীন লোকৰ সুবিধাৰ বাবেই মুকলি কৰিছে প্ৰকাশ কৰিছে । মুকলি কৰা ২০ টকীয়া মুদ্ৰাটো ১২ টা কোণৰ বহুভূজ আকৃতিৰ ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলী, পন ৰাধাকৃষ্ণনো উপস্থিত আছিল আজিৰ অনুষ্ঠানত। অনুষ্ঠানৰ শেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেচনেল ইষ্টিটিউড অব ডিজাইন ক মুদ্ৰা ৰূপৰ ধন্যবাদ জ্ঞাপন কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com