নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেন্ট অথ’ৰিটীৰ মুখ্য কাৰ্যালয় স্থাপনৰ ক্ষেত্ৰত অসম চৰকাৰৰ স্থিতি

নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেন্ট অথ’ৰিটীৰ মুখ্য কাৰ্যালয় স্থাপনৰ ক্ষেত্ৰত অসম চৰকাৰৰ স্থিতি

অসম চৰকাৰে ইটানগৰত প্ৰস্তাৱিত নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেন্ট অথ’ৰিটীৰ মুখ্য কাৰ্যালয়ৰ সংস্থাপনাৰ কাৰণে এক কেন্দ্ৰীয় উচ্চ স্তৰীয় সমিতিৰ প্ৰস্তাৱত আপত্তি দৰ্শাইছে । সংস্থাটোৰ মুখ্য কাৰ্যালয় ইটানগৰৰ পৰিৱৰ্তে গুৱাহাটীত হোৱাৰ কথা উল্লেখ কৰিছে । অন্যহাতে অসমৰ দুখন বৃহৎ নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ পানী ভাৰতৰ এক তৃতীয়াংশ জলৰ যোগান ধৰাৰ ওপৰিও ইয়াৰ দ্বাৰা প্ৰত্যেক বছৰত অহা বানপানীৰ অত্যাধিক প্ৰৱনতা দেখা যায় ৷

বাৰিষাৰ দিনত নদী আৰু নদীসমূহৰ উপনদী সমূহৰ পৰা হোৱা অহা বানপানীৰ কাৰণে নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেন্ট অথৰিটী মুখ্যকাৰ্যালয় অৰুনাচল প্ৰদেশৰ পৰিৱৰ্তে অসমত হ’ব লাগে ৷ ইফালে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গঠিত উচ্চ স্তৰীয় সমিতিৰ এক বিশেষ তথ্যত দিছপুৰৰ নাম উল্লেখ কৰিছে ৷ অন্যহাতে ব্ৰহ্মপুত্ৰ হৈছে বিশ্বৰ বৃহৎ নদীসমূহৰ ভিতৰত অন্যতম নদী ৷ এই নদীখনৰ পৰা হোৱা বানপানী আৰু গৰাখহনীয়াৰ দ্বাৰা লোকসকল দীৰ্ঘসময় ধৰি যথেষ্ট সংকটত ভূগি আহিছে ৷

২০১৭ বৰ্ষৰ ৪ অক্টোবৰত নীতি আয়োগৰ অধ্যক্ষতাত গঠিত হোৱা কেন্দ্ৰীয় পেনেলে উত্তৰ পূবত এক অধ্যয়ন কৰিছিল ৷ইয়াৰ পিছত এই সমগ্ৰ তথ্য উত্তৰ পূবৰ সকলো ৰাজ্যলৈকে সমীক্ষাৰ কাৰণে প্ৰেৰণ কৰে ৷ উত্তৰ পূবৰ ৰাজ্যসমূহৰ বানপানীৰ বিষয়ে সমীক্ষা কৰিবৰ কাৰণে ২০১৭ চনৰ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গুৱাহাটীত উপস্থিত হয়। অসম,মণিপুৰ,নাগালেণ্ড আৰু অৰুনাচল প্ৰদেশত অসমৰ মুখ্যমন্ত্ৰীৰ লগত বানপানী প্ৰৱন অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূবত জল সংশোধনৰ সন্দৰ্ভত যাৱতীয় তথ্যৰ কাৰণে এখন উচ্চ স্তৰীয় সমিতিৰ গঠনৰ ঘোষণা কৰে ৷

সমিতি গঠন জল বিদ্যুত শক্তি,কৃষি,জৈৱ বিবিধতা, সংৰক্ষণ,বানপানীৰ কাৰণে হোৱা বিভিন্ন পৰিস্থিতি,পৰ্যাবৰণ অথবা পৰ্যটনৰ বিভিন্ন বিষয়সমূহ সমাধান কৰিবৰ কাৰণে কৰা হৈছিল ৷ সমিতিখনত উত্তৰ পূবৰ বিকাশ মন্ত্ৰ্যালয়ৰ সচিব,সীমা প্ৰৱন্ধন বিভাগ,অন্তৰীক্ষ বিভাগ,বিজুলী,জল সংশোধন,নদী বিকাশ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আৰু উত্তৰ পূবৰ সকলো ৰাজ্যৰ মুখ্য সচিব সকল সদস্যৰ ৰূপত উপস্থিত আছিল ৷ ইফালে উচ্চ স্তৰীয় সমিতি খনৰ তথ্য ২৩ মে’ৰ পিছত ঘোষণা কৰা হ’ব। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ২৩ মে’ত ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com