নৱপ্ৰজন্মৰ গীতিকাৰ,সুৰকাৰ আৰু নাট্যশিল্পী হিৰণ্য ডেকালৈ ৰহস্য অভিষেক বঁটা

নৱপ্ৰজন্মৰ গীতিকাৰ,সুৰকাৰ আৰু নাট্যশিল্পী হিৰণ্য ডেকালৈ ৰহস্য অভিষেক বঁটা
Published on

ৰহস্য বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত বঁটা প্ৰদান অনুষ্ঠানত সাহিত্যিক ৰঞ্জু হাজৰিকা দেৱলৈ "জীৱনজোৰা সাধনা বঁটা " আৰু অনুৰাধা শৰ্মা পূজাৰীলৈ "সাহিত্য সৌৰভ বঁটা " লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ওঠৰ জন ব্যক্তিলৈ বিভিন্ন প্ৰয্যায়ৰ বিভিন্ন বটা প্ৰদান কৰে ।দৰঙৰ নৱপ্ৰজন্মৰ গীতিকাৰ, সুৰকাৰ তথা নাট্যশিল্পী হিৰণ্য ডেকালৈ "ৰহস্য অভিষেক বঁটা " প্ৰদান কৰে । ডেকাৰ কলমেৰে সৃষ্টি হোৱা প্ৰতিটো গীতেই ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে ।জানিব পৰা মতে তেওঁৰ অঞ্চলত এক সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ।বিভিন্ন নাট,চুটিছবি আদিৰ দ্বাৰা ল'ৰা ছোৱালী সকলক অভিনয়,গীত মাতৰ প্ৰতি আগ্ৰহী কৰা দেখা গৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com