পথ সুৰক্ষা সম্পৰ্কত দিছপুৰৰ মন্তব্যৰ পিছতো কিমান সুৰক্ষিত ৰাষ্ট্ৰীয় ঘাইপথ

পথ সুৰক্ষা সম্পৰ্কত দিছপুৰৰ মন্তব্যৰ পিছতো কিমান সুৰক্ষিত ৰাষ্ট্ৰীয় ঘাইপথ

সম্প্ৰতি দিছপুৰে ৰাজ্যৰ পথসমূহৰ সুৰক্ষা সম্পৰ্কত বিভিন্ন মন্তব্য প্ৰদান কৰিছে ৷ লগতে পথ সমূহ পুনৰ মেৰামতি কৰি অথবা পথ সমূহ সজাই জনসাধাৰণৰ যাত্ৰা আৰামদায়ক কৰি তুলিছে ৷ ইফালে অসমৰ দুৰ্ঘটনাগ্ৰস্ত কিছু সংখ্যক অঞ্চলত এটা লেন যুক্ত পথ আছে ৷ অন্যহাতে ৰাজ্যখনত ১৬ শতাংশহে দ্বি লেন যুক্ত পথ আছে ৷অসম হৈছে দূৰ্ঘটনাপূৰ্ণ ৰাজ্য ৷ দ্বি লেন যুক্ত পথে দূৰ্ঘটনাৰ সংখ্যা সীমিত কৰিব পাৰে৷ ৰাজ্যখনত প্ৰায় ৩,৯০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ ,২৫৩০ কিলোমিটাৰ ৰাজ্যৰ ঘাইপথ,৪,৩৭৯ কিলোমিটাৰ জিলাৰ পথ আছে ৷ এই পথসমূহৰ অধিকাংশই ৰাষ্ট্ৰীয় ঘাইপথৰ আৰু জিলাৰ পথৰ এটা লেন যুক্ত ৷

অসমৰ অৰ্থনৈতিক জৰীপত পোৱা গৈছে যে,২০১৮-১৯ৰ অনুসৰি ৰাজ্যখনত ১৬ শতাংশ দ্বিলেনযুক্ত পথ আছে ৷ ২০১৮ চনৰ ৩১ মাৰ্চ পৰ্যন্ত অসমৰ পথত বাহনৰ সংখ্যা আছিল ৩৩.০৯ লাখ। এইয়া ৰাজ্যখনত দ্বিলেন যুক্ত পথৰ বৃদ্ধিৰ পৰিণাম ৷ ৰাজ্যখনত বাহনৰ সংখ্যা বৃদ্ধিৰ লগতে অন্যান্য কাৰক সমূহো ৰাজ্যত যাতায়তৰ সমস্যাৰ অন্যতম কাৰণ ৷ অসমৰ পথসমূহ নিৰ্মাণ কৰোঁতে ভূমি অধিগ্ৰহণ এটা বৃহৎ সমস্যা ৷ ইফালে বতৰ ক্ষেত্ৰতো কেৱল বৰ্ষটোৰ ছমাহহে পথ নিৰ্মাণৰ কাৰণে উপযুক্ত ৷

অসমৰ পথসমূহৰ জীৱনকাল দেশৰ অন্য স্থানসমূহৰ তুলনাত সীমিত ৷কিন্তু কাষৰীয়া ৰাজ্যসমূহে যদি সময়মতে পথ নিৰ্মাণ কৰিব পাৰে তেন্তে অসমে কিয় নোৱাৰে ? ৰাজ্যৰ পীডব্লিউডি বিভাগৰ মন্তব্য অনুসৰি বিভিন্ন বাধাৰ মাজত জিলাসমূহত পথ সমূহৰ কাম আৰম্ভ হৈছে । লগতে কয়ে বাৰিষা কালত পথ সমূহৰ নিৰ্মাণৰ কাম গতি সীমিত হৈ যায়।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com