পাঁচজন কংগ্ৰেছ বিধায়কৰ লগতে প্ৰাক্তন বিজেপি সাংসদ চন্দন মিত্ৰৰ তৃণমূল কংগ্ৰেছত যোগদান

পাঁচজন কংগ্ৰেছ বিধায়কৰ লগতে প্ৰাক্তন বিজেপি সাংসদ চন্দন মিত্ৰৰ তৃণমূল কংগ্ৰেছত যোগদান
Published on: 

পশ্চিমবংগৰ কংগ্ৰেছত বৃহৎ খহনীয়াৰ সৃষ্টি কৰি শনিবাৰে কংগ্ৰেছৰ ৫ জন বিধায়কে তৃণমূল কংগ্ৰেছত যোগদান কৰে।পশ্চিমবংগৰ শাসকীয় দলৰ বাৰ্ষিক ৰেলীত কংগ্ৰেছ বিধায়কসকলৰ লগতে প্ৰাক্তন ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ চন্দন মিত্ৰয়েও তৃণমূল কংগ্ৰেছত যোগদান কৰে।পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক শাসনত আহিবলৈ নিদিয়ে আৰু লগতে কয় যে আগন্তক লোকসভা নিৰ্বাচনত বিজেপিৰ আসনৰ সংখ্যা ১০০ৰ পৰা ১৫০লৈ অৱনমিত হব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com