পাকিস্তানক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰম সকিয়নি

পাকিস্তানক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰম সকিয়নি
Published on

বিশ্ব ৰাষ্ট্ৰ সমুহক সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদৰ সমৰ্থনকাৰী সকলৰ বিৰুদ্ধে কঠোৰ হবলৈ আহ্বান জনাইছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। পুলোৱামা কাণ্ডৰ পাছত পাকিস্তানৰ লগত আলোচনা কৰা সময় উকলিল, বৰ্তমান পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াৰহে সময় বুলি প্ৰকাশ কৰে দেশৰ প্ৰধানমন্ত্ৰী মোডীৰ। হায়দৰাবাদ হাউচত, ভাৰত ভ্ৰমণৰত আজেৰ্ন্টিনাৰ ৰাষ্ট্ৰপতি মৰিছিউ মাক্ৰিৰ সৈতে পুলোৱামা কাণ্ডৰ সম্পৰ্কত আলোচনাত মিলিত হোৱাৰ পাছত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

সন্ত্ৰাসবাদ বিশ্ব শান্তিৰ বাবে ভাবুকিস্বৰূপ হৈ পৰিছে । সেয়েহে বিশ্বয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ সময় আহি পৰিছে বুলি প্ৰকাশ কৰে মোদীয়ে । জি-২০ দেশৰ অংশ হিচাবে হামবুৰ্গ লিডাৰ ষ্টেটমেন্টৰ-১১ এজেণ্ডা ৰুপায়নৰ সময় আহি পৰিছে । লগতে মোদীয়ে আৰ্জেন্টিনাক আন্তঃৰাষ্ট্ৰীয় সৌৰ শক্তি গোটলৈ আদৰণি জনায় । মাক্ৰিয়ে ভাৰতৰ সৈতে একগোট হৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com