পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ শান্তিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ শান্তিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ শান্তিৰ কাৰণে এটি সুযোগ দিবৰ কাৰণে আহ্বান কৰে ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী খানে অনাগত সময়ত দিয়া যিকোনো মন্তব্যৰ ক্ষেত্ৰতো ধ্যান দিয়াৰ কথা প্ৰকাশ কৰে ৷ লগতে যদি ভাৰতে পুলৱামা আক্ৰমণত পাকিস্তানৰ বিৰুদ্ধে তথ্য লাভ কৰে,তেন্তে ইয়াৰ ওপৰত অনতি পলমে তদন্ত কৰা হ’ব। অন্যহাতে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ এই বাৰ্তা ৰাজস্থানত নৰেন্দ্ৰ মোডীৰ এক ৰেলীৰ পিছতেই আহে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰিছিল যে সন্ত্ৰাসবাদীসকলক দণ্ডিত কৰিবৰ কাৰণে আমি শক্তিশালী ৰূপত আগবাঢ়িছো ৷সম্প্ৰতি সন্ত্ৰাস বিয়পোৱা সকলো কৰ্মৰ হিচাপ হ’ব ৷এইয়া পৰিৱৰ্তনশীল ভাৰত ৷ এই মৰ্মান্তিক ঘটনাক সহ্য কৰা ন’হব ৷ আমি সন্ত্ৰাসবাদৰ লগত মোকাবিলা কৰিব জানোঁ ৷

ইফালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ লগত হোৱা মত বিনিময়ক স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে ইমৰান খানে প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ পিছত মোডীয়ে ইমৰান খানক কৈছিল যে আহক দেশৰ পৰা দুৰ্ভীক্ষ আৰু অশিক্ষাৰ বিৰুদ্ধে যুঁজ দিওঁ ৷এই প্ৰসংগত ইমৰান খানে কয় যে মই পাঠানৰ সন্তান৷সছাঁ কথা কওঁ,সত্য পথত চলোঁ ৷ গতিকে আজি পাকিস্তানৰ প্ৰধানমন্ত্ৰীজনৰ এই মন্তব্যত পদক্ষেপ লোৱাৰ সময় আহি গ’ল৷ এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অহা বাৰ্তা অনুসৰি প্ৰধানমন্ত্ৰী ইমৰান খান নিজৰ মতত অটল ৷যদি ভাৰতে এই ক্ষেত্ৰত কোনো ধৰণৰ তথ্য লাভ কৰে,তেন্তে আমি অনতি পলমে তদন্ত কৰিম৷

উল্লেখ্য যে,১৪ ফ্ৰেব্ৰুৱাৰীত পুলৱামাত জেইছ ই মহম্মদে সংঘটিত কৰা আক্ৰমণত ৪০ জনৰো অধিক জোৱান নিহত হোৱা ঘটনাই কপাঁই গৈছে দেশৰ লগতে সমগ্ৰ বিশ্ব ৷ ইয়াৰ পিছতে পাকিস্তানৰ লগত সৰ্ব সম্পৰ্ক বাতিল কৰিবলৈ তৎপৰ হৈ উঠে কেন্দ্ৰীয় চৰকাৰ ৷ভাৰতৰ উৎসৰ নদী বিপাশা,ৰাবি,শতদ্ৰুৰ দিশ পৰিৱৰ্তন কৰি পাকিস্তানলৈ পানী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে মোডী চৰকাৰে ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে,ভাৰতৰ উৎসৰ নদী বিপাশা,ৰাবি,শতদ্ৰুৰ গতিপথ পৰিৱৰ্তন কৰি ভাৰতে জম্মু কাশ্মৰী আৰু পাঞ্জাৱলৈ পানী যোগান ধৰিব ৷ আনহাতে টুইটাৰ যোগে,মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে ইতিমধ্যে ৰাবি নদীৰ ওপৰত শ্বাহপুৰ কান্দি বান্ধৰ কাম আৰম্ভ কৰা হৈছে ৷এই পানী ব্যৱহাৰৰ বাবে মজুদ কৰা হ’ব ৷অতিৰিক্ত পানী দ্বিতীয় ৰাবি বিপাশা সংযোগলৈ অহা আন ৰাজ্যৰ বাবে যোগান ধৰিব৷এই পানীৰে জমুনা নদী জিপাল কৰিব পৰা যাব। এই প্ৰকল্পসমূহ ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছে ৷

ইফালে, ভাৰতে পাকিস্তানক "মষ্ট ফেভাৰেট নেশ্যন" মৰ্য্যদাৰ পৰা বাতিল কৰিছে ৷ পুলৱামাৰ আত্মঘাটী বোমা বিষ্ফোৰণৰ পিছত ভাৰতে পাকিস্তানী সামগ্ৰীত আমদানি কৰ ২০০ শতাংশ বৃদ্ধি কৰাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানত ৷লগতে ভাৰতে পাকিস্তানৰ লগত বাণিজ্যিক চুক্তি ভংগ কৰিছে ৷ গতিকে সম্প্ৰতি বিশ্বৰ প্ৰায়বোৰ দেশ ভাৰতৰ পক্ষত ঠিয় দিয়াৰ পিছত গভীৰ চিন্তাত পৰিছে পাকিস্তান ৷ কিন্তু সম্প্ৰতি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ শান্তি বাৰ্তাত ভাৰতে কি পদক্ষেপ ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com