পাহাৰীয়া জিলা সমূহৰ শান্তি আৰু প্ৰগতিৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ: সোনোৱাল

পাহাৰীয়া জিলা সমূহৰ শান্তি আৰু প্ৰগতিৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ: সোনোৱাল
Published on

দক্ষিণ কাৰ্বিআলংৰ খেৰনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুস্থিত মহিলা সমাৰোহত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে বিত্ত,স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।সোনোৱালে তেওঁৰ ভাষণত কয় যে পাহাৰীয়া জিলা সমূহৰ শান্তি আৰু প্ৰগতিৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহন কৰিব।লগতে শিক্ষা,স্বাস্থ্য,উদ্যোগ,সমাজ কল্যান,কৃষি আৰু অন্য বিভাগ সমূহৰো উন্নতিৰ বাবে কাম কৰিব।পাহাৰীয়া জিলাসমূহত অনৈতিক কাৰ্য্য চলাই অহা কঠোৰ হাতেৰে দমন কৰা কথাও কয় মুখ্যমন্ত্ৰীয়ে।হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয় যে নিৰ্বাচনৰ সময়ত দিয়া সকলো প্ৰতিশোতি পূৰন কৰা হব।তেওঁ লগতে কয় যে চৰকাৰে ১০০ কোটি টকা পথ সমূহ নিৰ্মানৰ বাবে মুকলি কৰি দিয়াৰ লগতে হামৰেন আৰু বোকাজান দুখন ২০০ বিচনাযুক্ত চিকিৎসালয় নিৰ্মান কৰা হব।সমাৰোহত সহস্ৰাধিক মহিলাই অংশগ্ৰহন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com