পি আই এমে ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক শক্তিৰ বাবে যুঁজ দিব

পি আই এমে ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক শক্তিৰ বাবে যুঁজ দিব
Published on

ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ লক্ষিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমিয়া কুমাৰ সন্দিকৈ তিনিচুকীয়াৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে শুকুৰবাৰে । বিশ্বৰ সবাতোকৈ বৃহৎ গণতান্ত্ৰিক দেশত চি পি আই এমে ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক শক্তি ৰ বাবে যুঁজ দি যাব । আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক ক্ষমতাচুত্য কৰিবলৈ চি পি আই এমে নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰিছে বুলি প্ৰকাশ কৰে প্ৰাৰ্থী অমিয়া কুমাৰ সন্দিকৈয়ে ।

সংবিধানৰ মৰ্য্যদা আৰু বিশেষকৈ ধৰ্ম নিৰপেক্ষতা ৰক্ষা কৰিবলৈ বিজেপিৰ সকলো গোষ্ঠীগত সংঘৰ্ষ ৰোধ কৰিবলৈ চি পি আই এমে বিজেপিৰ বিৰুদ্ধে যুঁজ দিব বুলি প্ৰকাশ কৰে। নাগৰিকত্ব সংশোধনি বিধেয়ক খন লোকসভাত অনুমোদন জনোৱাৰ পাছত কেন্দ্ৰীয় বিজেপি চৰকাৰে বিধেয়কখন ৰাজ্য সভাতো অনুমোদন জনাবলৈ হেচা প্ৰয়োগ কৰিব । লগতে বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে লক্ষিমপুৰৰ প্ৰধান সমস্যা হৈছে বানপানী আৰু গৰাখহনীয়া ৰোধত বিজেপি চৰকাৰ ব্যৰ্থ হৈছে ।

যুৱ প্ৰজন্ম বৰ্তমান ৰাজ্যৰ বাহিৰত থাকি চাকৰি কৰিব লগা হৈছে কাৰন অসমত চাকৰিৰ অভাৱ, বিশেষকৈ উত্তৰ দিশত । লগতে থলুৱা লোকেই ভুমিহীনতাত ভূগিব লগা হৈছে বুলি প্ৰকাশ কৰিছে ।

লগতে চাহ জনগোষ্ঠী সকলৰ সমস্যা কথা প্ৰকাশ কৰি চাহ শ্ৰমিক সকলৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰে । চি পি আই এম ক্ষমতালৈ আহিলে চাহ শ্ৰমিক সকলৰ ভূমি পত্তা দিয়াত গুৰুত্ব দিব বুলি প্ৰকাশ কৰে । লগতে নদী বান্ধৰ কথা উল্লেখ কৰি প্ৰকাশ কৰে যে নামনি শুৱনশিৰি জলবিদ্যু প্ৰকল্পৰ সন্দৰ্ভত উপনৈ সমুহৰ প্ৰভাৱ অধ্যয়ন নকৰাকৈ চৰকাৰে প্ৰকল্পতো কাম কৰিব নালাগে । তিনিচুকীয়া জিলাৰ চি পি আই এমৰ সভাপতি দ্ৰোণ চাৰিংগীয়া ফুকনে প্ৰাৰ্থী অমিয়া কুমাৰ সন্দিকৈক পৰিচয় কৰাই দিয়ে । ৰাজ্যিক কমিটি সদস্য অথা অধিবক্তা তাৰিনি ডেকা , ডুমডুমা LAC নিৰ্বাচন কমিটিৰ লগত অমিয়া কুমাৰ সন্দিকৈয়ে শদিয়া আৰু ডুমডুমাত বহু কেইখন নিৰ্বাচনী বৈঠক অনুস্থিত কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com