পুনৰ কৃত্ৰিম বানৰ কবলত মহানগৰবাসী

পুনৰ কৃত্ৰিম বানৰ কবলত মহানগৰবাসী
Published on

দুপৰীয়া অহা এজাক মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ জনতা কৃত্ৰিম বানৰ কবলত পৰি ককবকাব লগীয়া হ'ল।গুৱাহাটীৰ প্ৰায়সমূহ অঞ্চল যেনে জু-ৰোড,সুন্দৰপুৰ,এবিচি,ভঙাঘৰ,গনেশগুৰি,ৰুক্মীনী গাওঁ আদি অঞ্চল কৃত্ৰিম বানৰ মাজত বুৰ গল।কেৱল এইবাৰেই নহয় প্ৰতিবছৰে অহা এই সুন্দৰ বৰষুণ জাকে সাধাৰণ ৰাইজৰ বাবে হৈ পৰে অভিশাপ স্বৰূপ।হঠাতে অহা বৰষুণ জাকৰ ফলত যি কৃত্ৰিক বানৰ সৃষ্টি হয় এই বানে বহু সময় ধৰি মানুহক আৱদ্ধ কৰি ৰখাৰ লগতে যান-জটঁৰ সৃষ্টি কৰে।যাৰ ফলত বহু সমস্যাৰ সন্মুখীন হ'ব লগা হয় ৰাইজসকল।

বৰষুণ প্ৰকৃতিৰ নিয়ম হয়,কিন্তু এই নিয়মে প্ৰতিবছৰে মানুহক হাৰাশাস্তিও কৰি আহিছে।গুৱাহাটীৰ পৌৰ নিগমে মহানগৰ খনক সুন্দৰ তথা পৰিস্কাৰকৈ ৰখাৰ বাবে বহু ঠাইত জাৱৰ পেলোৱাৰ এক সু-ব্যৱস্থা কৰি দিয়াৰ পিছতো মানুহে সেই ব্যৱস্থা গ্ৰহন নকৰি ৰাষ্টাৰ ওপৰতে জাৱৰ-জোঁথৰ সমূহ পেলাৱাৰ ফলত বৰষুণৰ সময়ছোৱাত জাৱৰ-জোঁথৰ সমূহ নলা নৰ্দমাত পৰে আৰু পানী ওলাই যাবলৈ বাধা প্ৰদান কৰে যাৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হয়।সেয়ে পোনপ্ৰথমে ৰাইজ সকল এই ক্ষেত্ৰত সচেতন হ'ব লাগিব তেতিয়াহে এই কৃত্ৰিমতাক ৰোধ কৰিবলৈ পৰা যাব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com