প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মোদীৰ কেবিনেটে ৩০ মেত শপত গ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মোদীৰ কেবিনেটে  ৩০ মেত শপত গ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় সংসদৰ মন্ত্ৰী সকলে ৩০ মেত, সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰিব ।

লোকসভা নিৰ্বাচনত এন ডি এয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰি পুনৰ ৫ বছৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । ৫৪২ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে অকলেই ৩০৩ খন আসন লাভ কৰাৰ লগতে বিজেপি মিত্ৰজোটে ৩৫৩ খন আসন লাভ কৰে।

লোকসভাৰ ৫৪৩ খন আসনৰ ভিতৰত ৫৪২ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল । ভেলোৰত নিৰ্বাচন বাতিল কৰে লোকসভা আয়োগে।

মোদীৰ কেবিনেটত সাম্ভাব্য স্থান লাভ কৰিব -

খেল মন্ত্ৰী- গৌতম গম্ভীৰ, বিদেশ মন্ত্ৰী- স্মৃতি ইৰানী, বিত্ত মন্ত্ৰী - জয়ন্ত সিনহা, প্ৰতিৰক্ষা মন্ত্ৰী- ৰাজীৱ প্ৰতাপ ৰুদী, গৃহ মন্ত্ৰী- অমিত শ্বাহ , বানিজ্যি মন্ত্ৰী- বৰুন গান্ধী, ৰেলৱে মন্ত্ৰী- পিয়ুচ গোৱেল, কৃষি মন্ত্ৰী- ৰাজনাথ সিঙ , মানৱ গৱেষণা মন্ত্ৰী- নিৰ্মলা সীতাৰমন, পৰিবহন মন্ত্ৰী - নিতিন গাডকাৰী, উদ্যোগ মন্ত্ৰী- অৰবিন্দ স্বাৱান্ত, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী- মুক্তাৰ আব্বাছ নাকবি, অসামৰিক বিমান পৰিবহন- পৱন ব্ৰক্ষ্মা, তথ্য সম্প্ৰচাৰ- বাবুল সুপ্ৰিয়, প্ৰেট্ৰলিয়াম মন্ত্ৰী- কিৰেন ৰিজিজু, শক্তি মন্ত্ৰী- ডঃ অৰবিন্দ, সমাজ কল্যাণ মন্ত্ৰী- অনান্তকুমাৰ হেগদে, গাম্য উন্নয়ন মন্ত্ৰী- শিবৰাজ সিঙ চৌহান, মহিলা শক্তি মন্ত্ৰী- মিনাক্ষী লেখি, নগৰ উন্নয়ন মন্ত্ৰী- গোপাল চেট্টী, আইন মন্ত্ৰী- ৰবিশংকৰ প্ৰসাদ, খাদ্য প্ৰক্ৰিয়া মন্ত্ৰী- চিৰাগ পাচৱান, পৰ্যটন মন্ত্ৰী- অনুৰাগ ঠাকুৰ, স্বাস্থ্য মন্ত্ৰী- জে পি নাড্ডা, কয়লা -খনিজ সম্পদ মন্ত্ৰী- গিৰিৰাজ সিঙ, পৰিবেশ মন্ত্ৰী- সাদানান্দ গাউদা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী- হৰিপ্ৰিয়া সুৰজ, শ্ৰম মন্ত্ৰী- অনুপ্ৰিয়া পাটেল, টেস্কটাইল মন্ত্ৰী- মিচ সুৰজ পাণ্ডে, কনজিউমাৰ এফিয়াৰচ মন্ত্ৰী- হাৰকিৰাত কৌৰ বাদাল, বিজেপিৰ নতুন সভাপতি- ভূপেন্দ্ৰ য়াদব।

বৰ্তমানলৈকে আনুষ্ঠানিক ভাৱে মন্ত্ৰীৰ তালিকা ঘোষণা কৰা নাই । এইখন সাম্ভাব্য তালিকাহে।

নৰেন্দ্ৰ মোদীৰ লগতে এন ডি এৰ নেতা সকলে শনিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ সন্দৰ্ভত প্ৰকাশ কৰে । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শপত গ্ৰহণৰ পূৰ্বে কেবিনেটৰ মন্ত্ৰী সকলক নিৰ্বাচিত কৰিবলৈ কয়।

ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত নিযুক্তি দিয়ে। মোদী পূৰ্বতে বিজেপি আৰু এন ডি এ দলৰ নেতা হিচাপে নিৰ্বাচিত হয় । সংসদ ভবনৰ চেন্ট্ৰেল হলত অনুষ্ঠিত এই অনুষ্ঠানত এন ডি এৰ জেষ্ঠ নেতা, এন ডি এৰ দ্বাৰা শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল, নতুনকৈ নিৰ্বাচিত ৩৫৩ জন সাংসদ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ , জেষ্ঠ নেতা এল কে আদৱানী আৰু মুৰুলী মনোহৰ জুচীও উপস্থিত থাকে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com