প্ৰসংগ নিৰ্বাচনঃ প্ৰথম বাৰৰ কাৰণে ভোটদান কৰিবলৈ সাজু নতুন ভোটাৰ

প্ৰসংগ নিৰ্বাচনঃ প্ৰথম বাৰৰ কাৰণে ভোটদান কৰিবলৈ সাজু নতুন ভোটাৰ

আগন্তুক নিৰ্বাচনত প্ৰথম বাৰৰ কাৰণে প্ৰায় ৭,০৬,৪৮৯ জন নতুন ভোটাৰে ভোটদান কৰিব। ১৮-১৯ বয়সীয়া এই ভোটাৰসকলৰ ভিতৰত ৪,০৪,৭১৫ জন পুৰুষ হোৱাৰ বিপৰীতে ৩,০১,৭৭৪ গৰাকী মহিলা আছে ৷এই তথ্য দিছে অসমৰ মুখ্য নিৰ্বাচন বিষয়া এমচি সাহুয়ে ৷ইফালে ভোটদাতাসকলৰ ভিতৰত ৫৭,০৮,৬৮৮ জন ভোটাৰ ২০-২৯ বছৰীয়া ৷ ২০-২৯ বছৰীয়া ভোটাৰসকলৰ ভিতৰত পুৰুষৰ সংখ্যা ২৮,৭৫,৭৯৬ জন আৰু মহিলাৰ সংখ্যা ২৮,৩২,৮৯২ গৰাকী ৷

৩০-৩৯ বয়সীয়া ভোটাৰসকলৰ ভিতৰত পুৰুষৰ সংখ্যা হ’ল ২৮,৭৩,০৭৯ জন পুৰুষ আৰু মহিলাৰ সংখ্যা ৫৬,৯৬,৪৪৬ গৰাকী লগতে মুঠ ভোটাৰৰ সংখ্যা হ’ল ৫৬,৬৯,৫২৫ ৷ দ্বিতীয়তে, ৪০-৪৯ বয়সীয়া ভোটাৰৰ সংখ্যা ৪৩,০৪,৪৮৫ জন৷য’ত ২১,৬৯,৩৯৪ জন পুৰুষ আৰু ২১,৩৫,০৯১ গৰাকী মহিলা৷৫০-৫৯ বয়সীয়া ভোটাৰৰ পুৰষৰ সংখ্যা হৈছে ১৫,৩৪,৯০১ জন,মহিলাৰ সংখ্যা হৈছে ১৩,৫৮,৪০১ গৰাকী ৷ গতিকে ৫০-৫৯ বয়সীয়া মুঠ ভোটাৰৰ সংখ্যা হৈছে ২৮,৯৩,৩০২ ৷ ৬০-৬৯ বয়সীয়া ভোটাৰ সমূহৰ ভিতৰত পুৰুষৰ সংখ্যা হৈছে ৮,১৫,৯০৯ জন আৰু মহিলাৰ সংখ্যা হৈছে ৭,১৯,০২৫ গৰাকী৷ গতিকে ৬০-৬৯ বয়সীয়া মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৫,৩৪,৯৩৪ জন।

৭০-৭৯ বয়সীয়া ভোটাৰসকলৰ ভিতৰত পুৰুষৰ সংখ্যা হৈছে ৩,৩৪,৮২৪ জন,ইয়াৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে ৩,৪৭,৫০৮ গৰাকী ৷ আৰু মুঠ ভোটাৰৰ সংখ্যা হৈছে ৬,৮২,৩৩২ জন ৷ আৰু ৮০ বছৰ বা ৮০ বছৰতকৈ বয়স বৃদ্ধি পোৱা ভোটাৰসকলৰ ভিতৰত পুৰুষৰ সংখ্যা হ’ল ১,২৪,১৬৪ জন আৰু মহিলা ভোটাৰ ১,৩৬,৬৮৫ গৰাকীৰে মুঠ ভোটাৰৰ সংখ্যা হ’ল ২,৬০,৮৪৯ গৰাকী।

অন্যহাতে, অনাগত নিৰ্বাচনত ফ’টো ইলেক্টৰেল তালিকাত ২,১৭,৬০,৬০৪ গৰাকী ভোটদাতায়ে নাম পঞ্জীকৃত কৰিছে ৷ ১১ এপ্ৰিলত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমত ৯,৫৭৪ টা ভোটকেন্দ্ৰত প্ৰায় ৭৫,১৬,২৮৪ ভোটাৰে ভোট দিব । ১৮ এপ্ৰিলত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৮,৯৯২ টা ভোটকেন্দ্ৰত ৬৮,৩৬,৪৯৬ গৰাকী ভোটাৰে ভোটদান কৰিব ৷আৰু ২৩ এপ্ৰিলত অন্তিম নিৰ্বাচনত সমগ্ৰ ৰাজ্যত ৯,৫৯৫ টা ভোট কেন্দ্ৰত ৭৪,০৭,৮২৪ গৰাকী ভোটাৰে ভোটদান কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com