প্ৰসংগ লোকসভা নিৰ্বাচনঃ অন্তিম ক্ষণত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান

প্ৰসংগ লোকসভা নিৰ্বাচনঃ অন্তিম ক্ষণত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান
Published on

ৰাজ্যত সৰ্বত্ৰে সম্প্ৰতি নিৰ্বাচনী বতাহ ৷ ২৩ এপ্ৰিলত হ’ব লগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে শাসক বিৰোধী সকলোৱেই কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ ইয়াৰ মাজতে ২৩ এপ্ৰিলত হ’ব লগা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ শেষ হ’ব দেওবাৰ অৰ্থাৎ আজি বিয়লি ৫ বজাত ৷ এআইইউডিএফৰ বৰপেটাৰ প্ৰাৰ্থী ৰফিকুল ইছলাম, এআইইউডিএফৰ ধুবুৰীৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল,এজিপিৰ বৰপেটাৰ প্ৰাৰ্থী কুমাৰ দীপক দাস,এজিপিৰ ধুবুৰীৰ প্ৰাৰ্থী জাভেদ ইছলাম,কংগ্ৰেছৰ বৰপেটাৰ প্ৰাৰ্থী আব্দুল খালেক,বিজেপিৰ গুৱাহাটীৰ প্ৰাৰ্থী কুইন ওঝা,কংগ্ৰেছৰ গুৱাহাটীৰ প্ৰাৰ্থী ববিতা শৰ্মাৰ লগতে অন্যান্য সকলে নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে ৷

নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটী,কোকৰাঝাৰ আৰু বৰপেটাত বহু নিৰ্বাচনী ৰেলীত অংশ গ্ৰহণ কৰে ৷শনিবাৰে কোকৰাঝাৰ সংসদীয় ক্ষেত্ৰৰ কুমাৰীকাটাত নিৰ্বাচনী প্ৰচাৰ কৰি কয় যে কংগ্ৰেছে সংখ্যালঘূসকলৰ কাৰণ ঘঁৰিয়ালৰ চকু পানী নিগৰাই ৷কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসনকালত বিগত পাঁচবছৰত সংখ্যালঘূসকল অধিক সুৰক্ষিত হৈছে ৷

অন্যহাতে, বৰপেটাৰ সংসদীয় ক্ষেত্ৰৰ অন্তৰ্গত ভবানীপুৰৰ এক ৰেলীত ভাগ লৈ মন্ত্ৰী ড° শৰ্মাই কয় যে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰক ভবানীপুৰত মৃত্যু বৰণ কৰিছিল ৷ ৰাজ্যত ২০২১ চনত এই আসন বিজেপি বা এজিপিৰ কাৰণে প্ৰতিদ্বন্দিতা কৰা হ’ব। ইফালে শনিবাৰে বিয়লি গুৱাহাটীত মন্ত্ৰী ড° শৰ্মাই কুইন ওঝাৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ অংশ লয়।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com