প্ৰসংগ লোকসভা নিৰ্বাচনঃ ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি

প্ৰসংগ লোকসভা নিৰ্বাচনঃ ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি

সমাগত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ ধুবুৰী,কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটী সমষ্টিত দেওবাৰে বিয়লি পাঁচ বজাত নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হয়। ২৩ এপ্ৰিলত হ’ব লগীয়া নিৰ্বাচনত ৯,৫৭৭ টা ভোটকেন্দ্ৰত ৫৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। ২৩ এপ্ৰিলত হ’ব লগা চাৰিখন আসনৰ ভোটগ্ৰহণৰ কাৰণে পুৱা সাত বজাৰ পৰা বিয়লি পাঁচ বজালৈকে ভোটাদান অনুষ্ঠিত হ’ব ৷ ইফালে ভোটদাতা সকলক আকৰ্ষণ কৰিবৰ কৰিবৰ কাৰণে প্ৰতিদ্বন্দি প্ৰাৰ্থীসকলে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্বাচনী প্ৰচাৰ কৰে।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে ১৫ জন প্ৰাৰ্থী ধুবুৰীত,১৩ জন বৰপেটাত আৰু ৯ জন কোকৰাঝাৰৰ আসনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে ৷ প্ৰায় ৭৪,৭৭,০৬২ জন ভোটদাতাই ৯,৫৭৭টা ভোটকেন্দ্ৰত ভোটদান কৰিব। ইয়াৰ ভিতৰত ৩৮,১৫,৩৩৫ জন পুৰুষ আৰু ৩৬,৬১,৫৭০ গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ১৫৭ জন ৷ ইফালে অতি পিছপৰা অঞ্চলত আছে ৫২৪ টা ভোটকেন্দ্ৰ। ইয়াৰে ৩১৪ টা ধুবুৰীত অৱস্থিত ৷ ইয়াৰ পিছত বৰপেটাত আছে ১৪০ আৰু গুৱাহাটীত আছে ৭০ টা ভোটকেন্দ্ৰ।

অন্যহাতে কিছুমান কৰ্মী দেওবাৰেই প’লিং ষ্টেশ্যনত উপস্থিত হয় ৷ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভিতৰত ১২৫ টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব ৷ ইয়াৰে ৭৯ টা গুৱাহাটী,২৯ টা ধুবুৰীত,২৮ টা বৰপেটাত আৰু ১১ টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ কোকৰাঝাৰত আছে ৷ ১২৫ টা ভোটকেন্দ্ৰ মডেল ভোট কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে ৷ অসমৰ নিৰ্বাচন আয়োগৰ অনুসৰি ৰাজ্যৰ নিৰ্বাচনত ৩৮,৩০৮ গৰাকী প্ৰিজাইডিং আৰু প’লিং অফিচাৰ নিয়োজিত হ’ব। লগতে ২০০ টা সুৰক্ষা দল নিয়োজিত হ’ব ৷

ইফালে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪৩৬ টা মাইক্ৰ অৱজাৰভাৰ,পাঁচটা জেনেৰেল অৱজাৰভাৰ,তিনিটা পুলিছ পৰ্যবেক্ষক আছে ৷ ১২৫ টা ফ্লাইং স্ক’ৱাড,১১২ টা ষ্টেটিক চাৰভিলেন্স,৮৩ টা ভিডিঅ’ চাৰভিলেন্স দলে নিৰ্বাচনত তীক্ষ্ণ দৃষ্টি ৰাখিব ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোনালে অতি ক্ষিপ্ৰতাৰে নিৰ্বাচনী প্ৰচাৰ কৰে৷ গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে বিজেপি এজিপি আৰু বিপিএফৰ মিত্ৰতাৰ ফলাফল ভাল হ’ব ৷ বিজেপি গুৱাহাটীৰ আসনত জয়ী হ’ব ৷

নৰেন্দ্ৰ মোডীয়ে পুনৰ এবাৰ দিল্লীত চৰকাৰ গঠন কৰিব ৷ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰমীলা ৰাণী ব্ৰহ্মৰ সমৰ্থনত গোঁসাইগাওঁত এখন বৈঠকত ভাগ লয় ৷ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে মোডী চৰকাৰৰ দিনত বিকাশ অতি ক্ষিপ্ৰ গতিত হ’ব ৷ ইফালে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই এখন ৰেলীত ভাগ ল’বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগত উপস্থিত হ’য় ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও গুৱাহাটী,বৰপেটা আসনৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ কৰে।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com