প্ৰসংগঃ নিৰ্বাচনঃ সাজু হৈছে এজিপি বিজেপিৰ লগতে বিৰোধী দলসমূহ

প্ৰসংগঃ নিৰ্বাচনঃ সাজু হৈছে এজিপি বিজেপিৰ লগতে বিৰোধী দলসমূহ

সমাগত নিৰ্বাচন ৷ ১১ এপ্ৰিলত হ’ব লগীয়া সংসদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ কাৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বহু ঠাইত নিৰ্বাচনৰ বৈঠকৰ আয়োজন কৰিছে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কলিয়াবৰ সংসদীয় ক্ষেত্ৰৰ অন্তৰ্গত ধীং,সৰুপথাৰ,খুমটাইৰ বিভিন্ন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷

ইফালে বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে লক্ষীমপুৰ সংসদীয় ক্ষেত্ৰৰ নাওবৈছাৰ লগতে লক্ষীমপুৰৰ সংসদীয়ক ক্ষেত্ৰত নিৰ্বাচনী প্ৰচাৰ কৰে ৷ ১১ এপ্ৰিলত হ’ব লগীয়া সংসদীয় আসনৰ নিৰ্বাচনৰ কাৰণে সম্প্ৰতি কলীয়াবৰ আৰু লক্ষীমপুৰত নিৰ্বাচনী প্ৰচাৰত অংশ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এজিপিৰ প্ৰাৰ্থী মনী মাধৱ মহন্তৰ সম্পৰ্কত কয় যে, কংগ্ৰেছে ৭০ বছৰৰ ভিতৰত যি কৰিব নোৱাৰিলে বিজেপিয়ে বিগত পাঁচ বছৰত কৰিলে ৷

কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে কংগ্ৰেছে সংখ্যালঘূৰ কথা কয় ৷ কিন্তু বাস্তৱতে কংগ্ৰেছে তেওঁলোকৰ কাৰণে একো নকৰিলে ৷ সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বিতীয় কাৰ্যকালত বিকাশৰ গতি ক্ষিপ্ৰ কৰিবৰ কাৰণে সকলোৱে বিজেপি আৰু তেওঁলোকৰ সহযোগীসকলক ভোটদান কৰিব লাগে ৷ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এজিপি প্ৰাৰ্থীসকলৰ কাৰণে ভোটদাতাসকলৰ সমৰ্থন বিচাৰে ৷ লগতে মন্ত্ৰী ড° শৰ্মাই কয় যে,কংগ্ৰেছৰ শাসনৰ সময়তে সত্ৰ সমূহৰ ভূমি অধিগ্ৰহণ কৰিলে৷

ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কটাক্ষ কৰি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে তৰুণ গগৈয়ে পুত্ৰক সমৰ্থন কৰি দলটোক নষ্ট কৰিলে ৷ সম্প্ৰতি দল টোৱে পুত্ৰৰ কাৰণে এআইইউডিএফৰ লগত মিত্ৰতা কৰিব বিছাৰিছে ৷ এই সিদ্ধান্তই অসমৰ লোকসকলক ক্ষতি কৰিব। অন্যহাতে গুৱাহাটীত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ১১ এপ্ৰিলত হোৱা সংসদীয় নিৰ্বাচনত পাঁচখন আসনৰ ভিতৰত চাৰিখনতেই আমি জয় লাভ কৰিম ৷এই ক্ষেত্ৰত কলিয়াবৰ হ’ব উৎকৃষ্ট উদাহৰণ ৷

ইয়াৰ মাজতে কংগ্ৰেছে ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজ পুত্ৰ গৌৰৱ গগৈৰ কাৰণে কলিয়াবৰ সংসদীয় ক্ষেত্ৰৰ চামগুৰিত নিৰ্বাচনী প্ৰচাৰ কৰে ৷ নিৰ্বাচনী প্ৰচাৰত তেওঁৰ লগত থাকে বিধায়ক ৰকীবুল হুচেইন ৷ চামগুৰিত সংবাদ মাধ্যমৰ লগত হোৱা মত বিনিময়ত তৰুণ গগৈয়ে কয় যে এজিপি বিজেপি মিত্ৰতাই অসমৰ লোকসকলক বিশ্বাসঘাটকতা কৰিছে। বিজেপিয়ে হিন্দু মুছলমানৰ লগত বিভাজনৰ ৰাজনীতি কৰিব বিছাৰিছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ঘোষণা কৰিছিল যে ১৬ মে’ৰ পিছত এজনো বাংলাদেশী নাথাকিব দেশত ৷ কিন্তু সেই ঘোষণা বাস্তৱত ৰূপায়িত ন’হল ৷ অন্যহাতে ড° হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কলিয়াবৰত গৌৰৱ গগৈৰ জয় সুনিশ্চিত বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com