প্ৰসংগঃলোকসভা নিৰ্বাচনঃ ৮ টা সমষ্টিত তৃতীয় স্থানত ন’টা ভোট

প্ৰসংগঃলোকসভা নিৰ্বাচনঃ ৮ টা সমষ্টিত তৃতীয় স্থানত ন’টা ভোট

২৩ মে’ত ঘোষণা হোৱা নোকসভা নিৰ্বাচনীৰ ফলাফলত ন’টা ভোটে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। মুঠ ১,৫৭,৩৪৮ জন লোকে ন’টাত ভোট দান কৰিছে ৷ কাৰণ, এই ভোটদাতাসকলে কোনো প্ৰাৰ্থী নিৰ্বাচনক ভোটদান নকৰিলে ৷অসমত বহু ভোটদাতাই ন’টাত ভোটদান কৰে ৷ কাৰণ তেওঁলোকেও বিগত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ এজনকো ভোটদান নকৰিলে ৷ ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰকাশিত এক বিশেষ তথ্য অনুসৰি তেজপুৰ সমষ্টিৰ ন’টা ভোটে চতুৰ্থ স্থান অধিকাৰ কৰিছে ৷ তেজপুৰত ন’টায়ে ১০৪৩৫ টা ভোট লাভ কৰিছে ৷ ইফালে বিজীপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে ৫১২৩৫৮ টা ভোটেৰে প্ৰথম স্থানত আছে ৷ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৱে ৩১১৫১৮ টা ভোটেৰে দ্বিতীয় স্থান অধিকাৰ কৰিছে ৷

গুৱাহাটী লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী কুইন ওঝাই ৬৪৭১৩২ ভোটেৰে প্ৰথম স্থান অধিকাৰ কৰিছে ৷ ইফালে কংগ্ৰেছৰ ববিতা শৰ্মাই লাভ কৰে ৫০০৩৯৮ টা ভোট। ববিতা শৰ্মাই অধিকাৰ কৰে দ্বিতীয় স্থান আৰু নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই ১৪২৩৭ টা ভোটেৰে তৃতীয় স্থান লাভ কৰিছে ৷ অন্যহাতে ন’টায়ে ৭৫০২ টা ভোটেৰে লাভ কৰে চতুৰ্থ স্থান ।

বৰপেটাত ৫,৩৩,৩৯২ টা ভোটেৰে আব্দুল খালেকে লাভ কৰে প্ৰথম স্থান ৷ইফালে, ৪৫১৩২৭ টা ভোটেৰে অগপৰ কুমাৰ দীপক দাসে লাভ কৰে দ্বিতীয় স্থান ৷ আৰু ৮৫৪৬ ভোটেৰে পঞ্চম স্থান লাভ কৰে ন’টায়ে ৷

ধুবুৰী লোকসভা সমষ্টিত এআইইউডিএফৰ মুখ্য বদৰুদ্দিন আজমলে ৬৭৭৮০৭ টা ভোটেৰে লাভ কৰে প্ৰথম স্থান৷ আৰু ৪৪৮৩৬১ টা ভোটেৰে দ্বিতীয় স্থান লাভ কৰে কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীয়ে৷ আৰু ৮১৫৩ টা ভোটেৰে পঞ্চম স্থান লাভ কৰে ন’টাই ৷

স্বায়ত্ব শাসিত জিলা ডিফুত ৫৯১৩ টা ভোটেৰে ন’টায়ে লাভ কৰে ষষ্ঠ স্থান ৷ ইফালে বিজেপিৰ হৰেন সিং বেই ৩,৮৩,৬৩৭ টা ভোট লাভ কৰে ৷ আৰু কংগ্ৰেছৰ বীৰেন সিং ইংতিয়ে লাভ কৰে ১০৮৩৪১ ভোট ৷

নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে লাভ কৰিছে ৬,৮১,৩২০ টা ভোট ৷ প্ৰদ্যুৎ বৰদলৈয়ে লাভ কৰিছে প্ৰথম স্থান ৷ ইফালে দ্বিতীয় স্থানেৰে বিজেপিৰ ৰূপক শৰ্মাই লাভ কৰিছে ৬,৩৬,০৩৫ টা ভোট ৷ অন্যহাতে ৯৩৫৩ ভোটেৰে ন’টায়ে লাভ কৰিছে তৃতীয় স্থান।

মংগলদৈত ন’টায়ে লাভ কৰিছে চতুৰ্থ স্থান ৷ ন’টায়ে লাভ কৰিছে ১৫০০৯ টা ভোট ৷ বিজেপিৰ দিলীপ শইকীয়াই লাভ কৰিছে ৫,৮৫৭৪৫ টা ভোট ৷শিলচৰ লোকসভা সমষ্টিত ন’টায়ে লাভ কৰিছে তৃতীয় স্থান ৷ন’টায়ে লাভ কৰিছে ৭৯৪৮ ভোট ৷

শিলচৰত কংগ্ৰেছৰ সুস্মিতা দেৱৰ শাসন অৱসান ঘটাই বিজেপিৰ ৰাজদ্বীপ ৰয়ে জয় লাভ কৰে ৷ যোৰহাট লোকসভা সমষ্টিত ১২৩১৬ ভোটেৰে ন’টায়ে লাভ কৰিছে তৃতীয় স্থান ৷ অন্যহাতে ৫,৩৩০১৯ টা ভোটেৰে বিজেপিৰ তপন কুমাৰ গগৈয়ে জয় লাভ কৰে ৷

কলিয়াবৰ লোকসভা সমষ্টিত ন’টায়ে ১৫১৯৪ ভোটেৰে তৃতীয় স্থান লাভ কৰে ৷ ইফালে কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ৭৪৯২৮১ ভোটেৰে অগপৰ নেতা মণি মাধৱ মহন্তক পৰাজয় কৰে ৷

কৰিমগঞ্জ লোকসভা সমষ্টিৰ ন’টায়ে লাভ কৰি ৬৬৭১ টা ভোটেৰে তৃতীয় স্থান লাভ কৰে ৷ বিজেপিৰ কৃপানাথ মাল্লাহে ৫০০৪০৯ ভোট লাভ কৰে ৷ কোকৰাঝাৰৰ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মক পৰাজিত কৰি লাভ কৰে ৪,৬৪,২৭১ টা ভোট ৷ অন্যহাতে ন’টাই ১৪৩৩৭ টা ভোটেৰে লাভ কৰে পঞ্চম স্থান ৷

লক্ষীমপুৰ সমষ্টিৰ বিজেপিৰ প্ৰদান বৰুৱাই ৭৬৩৩৭৭ ভোটেৰে জয় লাভ কৰে ৷ ইফালে ন’টায়ে ১৫০০৩ টা ভোটেৰে লাভ কৰে তৃতীয় স্থান ৷ ডিব্ৰুগড় জিলাত ন’টায়ে ২০৯৬৮ টা ভোটেৰে লাভ কৰে তৃতীয় স্থান ৷ অন্যহাতে ৰামেশ্বৰ তেলীয়ে ৬৪৮১৮৭ টা ভোটেৰে কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰক পৰাজিত কৰি জয় লাভ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com