প্ৰসহনত পৰিণত প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনা

প্ৰসহনত পৰিণত প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনা

Published on

শেহতীয়া এক তথ্য অনুসৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চলিত বৰ্ষৰ নৱেম্বৰলৈকে ৫৭,৪৩৭ টা আনুমোদিত বাস গৃহৰ ভিতৰত মাত্ৰ ৩০৪ টা বাস গৃহহে নিৰ্মাণ হয়৷ সম্প্ৰতি এই তথ্যই প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস আঁচনিখনকেই প্ৰসহনত পৰিণত কৰিছে ৷ আনহাতে ২০১৮-১৯ বৰ্ষৰ ৩০ নৱেম্বৰলৈকে ৰাজকোষৰ পৰা অনুমোদিত ১,৫৪৪ টা বাস গৃহৰ ভিতৰত মাত্ৰ ২৪ টা গৃহ নিৰ্মাণ হয়। ইফালে ২০১৭-১৮ বৰ্ষত অনুমোদিত ৪৪,৭৩১ টা বাসগৃহৰ ভিতৰত ২৫৯ টা বাসগৃহৰ কাম সম্পূৰ্ণ হয় । তেনেদৰে ২০১৬-১৭ বৰ্ষত চৰকাৰৰ ৰাজকোষৰ পৰা অনুমোদিত ১১,১৬০ টা বাস গৃহৰ ভিতৰত ১৯ টাৰ কাম হে সম্পন্ন হয় ৷

উল্লেখ্য যে,প্ৰমানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনা হ’ল ভাৰত চৰকাৰ গৃহ নিৰ্মাণ তথা দৰিদ্ৰতা নিৰ্মূলকৰণৰ এক অভিযান ৷এই অভিযানৰ মূল উদ্দেশ্য হ’ল ২০২২ চনৰ ভিতৰত দেশৰ সকলো নাগৰিককে বাসগৃহ যোগানৰ ব্যৱস্থা কৰা যেতিয়া আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ অতিক্ৰম কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা বা আঁচনিৰ মূল উদ্দেশ্য হ’ল দেশৰ দৰিদ্ৰ জনসাধাৰণ তথা পিছপৰা অঞ্চলত বসবাস কৰা পৰিয়ালক প্ৰয়োজন হোৱা বাসগলহৰ অভাৱ পূৰণ কৰা ৷ এই অভিযানত বাসগৃহ নিৰ্মাণ তথা কাৰ্যকৰীকৰণৰ কাৰণে কিছুমান নীতি নিয়ম আছে৷ ক্ৰেডিট লিংক চাবচিডিৰ দ্বাৰা দুখীয়া শ্ৰেণীৰ জনতাক বাসগৃহ প্ৰদান কৰা হ’ব ৷

হিতাধীকাৰীক ঘৰ নিৰ্মাণ বা মেৰামতিৰ বাবে চাবচিডি প্ৰদান কৰা হ’ব। সহজলভ্য বাসগৃহ ব্যক্তিগত আৰু জনতাৰ সহযোগৰ মাধ্যমেদি আদিৰ দ্বাৰাহে বাসগৃহ নিৰ্মাণ কৰা হ’ব ৷ লগতে এই অভিযানত নগৰ অঞ্চলত বাস কৰা দুখীয়া শ্ৰেণী তথা বস্তি অঞ্চলত বাস কৰা লোকক প্ৰয়োজন হোৱা বাসগৃহৰ দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। বস্তি অঞ্চল বুলিলে সেইসমূহ অঞ্চল বুজায় য’ত ৬০-৭০ টা পৰিয়ালে বাস কৰে ৷আৰু ৩০০ ৰো অধিক লোকৰ বসতিস্থল য’ত খোৱা পানীকে আদি কৰি সুবিধাসমূহ উপলব্ধ নাই ৷লগতে বহু অস্বাস্থ্যকৰ পৰিবেশত বাস কৰে সেই অঞ্চলৰ বাসিন্দাসকল ৷

এই অভিযানৰ সকলো সুবিধা লাভ কৰিব বিশেষকৈ সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে লগতে সীমিত উপাৰ্জনৰ লোকসকলে ৷বছৰি গড় হিচাপত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালসমূহৰ উপাৰ্জন ৩ লাখ টকা আৰু সীমিত আয়ৰ পৰিয়াল যাৰ উপাৰ্জন ৩-৬ লাখ টকা তেনে পৰিয়ালক এই অভিযানৰ লগত সামৰি লোৱা হ’ব। এই অভিযানত হিতাধিকাৰী পৰিয়াল বুলিলে সেই পৰিয়ালসমূহক বুজা যায় যাৰ পৰিয়ালসমূহ মাক দেউতাক তথা অবিবাহিত ল’ৰা ছোৱালীৰে পৰিপূৰ্ণ ৷ লগতে,এই অভিযানৰ সম্পূৰ্ণ সুবিধা লাভ কৰিবলৈ হ’লে হিতাধিকাৰীৰ নিজৰ নামত কোনো অঞ্চলতে মাটি বা ঘৰ থাকিব নালাগিব আদি ৷

এই অভিযানত বাসগৃহ সকলোৰে বাবে ২০১৫ চনৰ পৰা ২০২২ চনৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব । লগতে কেন্দ্ৰীয় চৰকাৰ সকলো সুবিধা ৰাজ্য চৰকাৰৰ সহযোগত লাভ কৰিব ৷ কিন্তু প্ৰমানমন্ত্ৰী আৱাস যোজনাৰ এই আঁচনি খনে সঠিক ৰূপত সেই সকল লোকক উপকৃত কৰিব পাৰিছিনে? যিসকল লোক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰকৃত হিতাধিকাৰী ৷ ই এক বৃহৎ প্ৰশ্ন ।লগতে আজি কিছু পূৰ্বে প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস আঁচনিৰ অধীনত নিৰ্মিত গৃহত সমষ্টিৰ বিধায়ক সকলক নিশা কটাবলৈ আহ্বান কৰিছিল চৰকাৰে । তেনে স্থলত প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ এই তথ্য অত্যন্ত দুৰ্ভাগ্য জনক ৷ সম্প্ৰতি, পৰিবৰ্তনৰ শ্ল’গান দি ক্ষমতালৈ অহা চৰকাৰখনৰ এনে ধৰণৰ তথ্যই হতবাক কৰিছে জনসাধাৰণক ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com