ফেনি ঘূৰ্ণি বতাহৰ বাবে উৰিষ্যাৰ বহু লোকক স্থানান্তৰ কৰা হৈছে

ফেনি ঘূৰ্ণি বতাহৰ বাবে উৰিষ্যাৰ বহু লোকক স্থানান্তৰ কৰা হৈছে
Published on

বৃহস্পতি বাৰে বিষয়ায়ে প্ৰকাশ কৰে যে ঘূৰ্ণি বতাহ ফেনিৰ বাবে উৰিষ্যাৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ৮ লাখৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে ।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে জনোৱা মতে বংগোপ সাগৰৰ পৰা উদ্ভৱ হোৱা উৰিষ্যাৰ পুৰিৰ পৰা প্ৰায় ৪৩০ কিলমিটাৰ নিলগত , অন্ধ্ৰ প্ৰদেশৰ ২২৫ কিলমিটাৰ নিলগত দক্ষিণ-দক্ষিণ পশ্চিমৰ বিশাখাপট্টনমত, পশ্চিম বংগৰ দক্ষিণ-দক্ষিণ পশ্চিম দিঘাৰ পৰা ৬৫০ কিলমিটাৰ নিলগত ।

ইস্পিয়েল ৰিলিফ কমিচনাৰ বি পি চেট্টীয়ে প্ৰকাশ কৰা মতে, ফেনি ঘূৰ্ণি বতাহ উত্তৰ আৰু উত্তৰ পূব দিশলৈ অগ্ৰসৰ হৈছে আৰু ৩ মে সন্ধিয়া উৰিষ্যাৰ পুৰিত ফেনিয়ে চুই যাব বুলি প্ৰকাশ কৰে । চেট্টীয়ে লগতে প্ৰকাশ কৰে যে উপকূল অঞ্চলৰ সমূহৰ বহু লোকক স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ ।

উৰিষ্যাৰ প্ৰায় ১৪ খন জিলাৰ পৰা ৮ লাখ লোকক স্থানান্তৰ কৰা হৈছে । উৰিষ্যাৰ লগতে অন্ধ্ৰ প্ৰদেশ , তামিল নাডু আৰু পশ্চিম বংগত ফেনিয়ে অধিক ক্ষতিগ্ৰস্থ কৰাৰ সম্ভাৱনা আছে ।

উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে বুধবাৰে প্ৰস্তুতি সমূহৰ বুজ লয় আৰু প্ৰকাশ কৰে যে বিশেষকৈ অন্তঃসত্বা মহিলা, শিশু, বৃদ্ধ ব্যক্তি আৰু বিশেষ ভাবে সক্ষম লোকসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । এক লাখতকৈও অধিক শুকান ফলমূল ৰখাৰ ব্যৱস্থা কৰিছে বুলি প্ৰকাশ কৰে।

তিনি খন বিশেষ ৰেলৰ যোগেদি পুৰীৰ পৰা হাওৰা আৰু পশ্চিম বংগৰ চালিমাৰলৈ বৃহস্পতি বাৰে লোকসকলক স্থানান্তৰিত কৰে। বহুতো ৰেল বাতিল কৰা হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বহু ঠাইত ধাৰাষাৰ বৰষুণ হব বুলিও প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com