ফেনি ঘূৰ্ণি বতাহৰ বাবে বিভিন্ন ব্যবস্থা গ্ৰহণ নৌবাহিনীৰ

ফেনি ঘূৰ্ণি বতাহৰ বাবে বিভিন্ন ব্যবস্থা গ্ৰহণ নৌবাহিনীৰ
Published on

ফেনি ঘূৰ্ণি বতাহৰ সময়ত হব পৰা ক্ষয় ক্ষতি ৰোধ কৰিবলৈ নৌ সেনা বাহিনীয়ে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতৰ দক্ষিণ দিশত অধিক ক্ষতিৰ সম্ভাৱনা থকা ফেনি ঘূৰ্ণি বতাহৰ বাবে বিভিন্ন ব্যবস্থা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে ।

ভাৰতীয় নৌসেনাৰ মুখপাত্ৰয়ে প্ৰকাশ কৰে যে নৌ বাহিনীৰ এয়াৰ ক্ৰাফ্ট অৰাকনামৰ ৰজালিস্হিত নৌবাহিনী এয়াৰ ষ্টেচন আই এন এচত, তামিল নাডু আৰু বিশাখাপট্টনমৰ আই এন এচ দেগা , অন্ধ্ৰ প্ৰদেশত মজুত ৰখা হৈছে ঘূৰ্ণি বতাহৰ সময়ত ব্যবহাৰ কৰিবলৈ ।

লগতে প্ৰকাশ কৰে যে এই জাহাজ বোৰত অতিৰিক্ত চালক, চিকিৎসাক, ৰবৰ নাওঁ আৰু সাহাৰ্য্য সামগ্ৰী মজুত ৰখা হৈছে ।

আই এম ডিয়ে জনোৱা মতে ফেনি ঘূৰ্ণি বতাহে ২৯ এপ্ৰিলৰ ৫.৩০ মানত অতিক্ৰম কৰি উৰিষ্যাৰ দিশে গতি কৰিব । সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফেনি ঘূৰ্ণি বতাহৰ সময়ত ক্ষয় ক্ষতি ৰোধ কৰিবলৈ সম্ভাৱনীয় সকলো ব্যবস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে ফেনি ঘূৰ্ণি বতাহে সৃষ্টি কৰিব পৰা যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ বিভাগীয় বিষয়াক কোৱা হৈছে বুলি প্ৰকাশ কৰে। ক্ষতিগ্ৰস্থ ৰাজ্য সমূহতো চৰকাৰী বিষয়া সকলৰ সৈতে কাম কৰিবলৈ কোৱা হৈছে । লগতে সকলোৰে নিৰাপত্তাৰ বাবে প্ৰাৰ্থনা কৰিছো বুলিও প্ৰকাশ কৰে । "

তামিল নাডু, অন্ধ্ৰ প্ৰদেশ আৰু কেৰেলাত এন ডি আৰ এফ আৰু আই চি জিক সষ্টম হৈ থাকিবলৈ কোৱা হৈছে । উৰিষ্যাতো ফেনি ঘূৰ্ণি বতাহৰ কাৰনে উৰিষ্যাৰ ৰাজ্য চৰকাৰৰ সাজু বুলি প্ৰকাশ কৰে ।২৫২ খন পাৱাৰ বোট বিভিন্ন জিলা লৈ পঠিওৱা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com