বটদ্ৰৱাত বীৰ শ্বহীদ লীলাকান্ত কলিতাৰ মাতৃক চিআৰপিএফৰ সম্বৰ্ধনা

বটদ্ৰৱাত বীৰ শ্বহীদ লীলাকান্ত কলিতাৰ মাতৃক চিআৰপিএফৰ সম্বৰ্ধনা
Published on

ৰাষ্ট্ৰীয় সংহতি আৰু দেশৰ সাৰ্বভৌমত্বৰ সুৰক্ষাৰ লগতে আইন শৃংখলাজনিত পৰিস্থিতি আদি বিভিন্ন কাৰণত দেশৰ বাবে আত্ম বলিদান দিয়া আৰক্ষীৰ বীৰ শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত আজি ২১ অক্টোবৰ দিনটোত সমগ্ৰ দেশতে পালিত হোৱা 'স্মৃতি দিৱস'ৰ লগত সংগতি ৰাখি আজি বটদ্ৰৱাটো বীৰ শ্বহীদ লীলা কান্ত কলিতাৰ মাতৃ ৰেৱতী কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। চি আৰ পি এফৰ ৩৪ বেটেলিয়ানৰ সৌজন্যত পুৱা শ্বহীদ লীলা কান্ত কলিতাৰ বাসগৃহত অনুষ্ঠিত স্মৃতি দিৱস উপলক্ষে অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটিত চি আৰ পি এফ ৩৪ বেটেলিয়ানৰ ক'মানডেন্ট ৰাজ মুকুট কৰকেট্টাই বীৰ শ্বহীদ গৰাকীৰ মাতৃক সম্বৰ্ধনা জনাই। উল্লেখ্য যে ২০১০ চনৰ ৬ এপ্ৰিলত চত্তিশগড়ৰ ডান্টেৱাৰা জিলাৰ তাৰমেটলা নামৰ এখন ঘন জংঘলত সন্ত্ৰাসবাদীৰ লগত সাহসে যুঁজি শ্বহীদ হৈছিল বটদ্ৰৱাৰ লীলা কান্ত কলিতা। স্মৃতি দিৱসৰ অনুষ্ঠানটিত চিআৰপিএফৰ ৩৪ বেটেলিয়ানৰ ইন্সপেক্টৰ বি এছ চৌধুৰী, বটদ্ৰৱাৰ প্ৰাক্তন সৈনিক হিমেশ্বৰ দাস, বীৰেন বৰা, সৈনিক লক্ষীৰাম কলিতা, সাংবাদিক দিব্যজ্যোতি বৰুৱা, সমাজকৰ্মী পংকজ কলিতা, লক্ষেশ্বৰ কলিতা, শ্বহীদ গৰাকীৰ ভাতৃ প্ৰমোদ কলিতা, অনিল কলিতাকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com