বটদ্ৰৱাৰ বোৱালগুৰিত পানী যোগান আঁচনিৰ শুভ উদ্বোধন বিধায়িকা আঙুৰলতাৰ

বটদ্ৰৱাৰ বোৱালগুৰিত পানী যোগান আঁচনিৰ শুভ উদ্বোধন বিধায়িকা আঙুৰলতাৰ
Published on

দেশে স্বাধীনতা লাভৰ ৭১ বছৰ অতিক্ৰম কৰাৰ পাছতো এটুপি বিশুদ্ধ খোৱা পানীৰ সেৱনৰ পৰা বঞ্চিত হৈ ৰোৱা বটদ্ৰৱাৰ পাচঁ খনৰো অধিক গাঁৱৰ ৰাইজে অৱশেষত লাভ কৰিলে বিশুদ্ধ খোৱা পানী। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 'মিচন ১০০' আঁচনিৰ অধীনত আজি বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা মৰিগাঁও জিলাৰ বোৱালগুৰি আদৰ্শ গাঁও পানী যোগান আঁচনিখন শুভ উদ্বোধন কৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই। উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভা খনিত অংশ লৈ ভাষণ প্ৰসংগ ত বিধায়িকা আঙুৰলতাই কয়, "বটদ্ৰৱাৰ কেইবা সহস্ৰাধিক লোকৰ বিশুদ্ধ খোৱাপানীৰ সমস্যা নিৰাময় কৰিবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰিছো। সমষ্টিৰ অন্যান্য প্ৰান্তত বিকল হৈ পৰি থকা আঁচনিসমূহৰ পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে আমাৰ চৰকাৰে ইতিমধ্যে ধন মোকলাই দিছে। অতিশীঘ্ৰে এই আঁচনিসমূহো কাৰ্যক্ষম হৈ উঠিব।" এই অনুষ্ঠানটিত মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ শৰ্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মৰিগাঁও সংমণ্ডলৰ বিষয়ববীয়াৰ লগতে বিজেপি কৰ্মী তথা কেইবা শতাধিক ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে, এই পানীযোগান আঁচনিখনে বটদ্ৰৱাৰ বোৱালগুৰি, আদৰ্শগাঁও, কটহগুৰিকে ধৰি কেইবাখনো গাঁৱৰ সহস্ৰাধিক পৰিয়ালক উপকৃত কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com