বন্ধুক তুলি ল'লেই নিশেষ কৰা হ'ব কাশ্মীৰত : ভাৰতীয় সেনা

বন্ধুক তুলি ল'লেই নিশেষ কৰা হ'ব কাশ্মীৰত : ভাৰতীয় সেনা

Published on

ভাৰতীয় সেনাৰ কঠোৰ সকিয়নি । সমগ্ৰ দেশ কপাই যোৱা পুলোৱামা কাণ্ডৰ পাছত সন্ত্ৰাসবাদীৰ প্ৰতি ভাৰতীয় সেনাৰ কঠোৰ সকিয়নি । হাতত বন্দুক তুলি ল'লেই নিশেষ কৰা হব। শ্ৰী নগৰত সংবাদমেল অনুষ্ঠিত কৰি এই কৰা প্ৰকাশ কৰিছে ভাৰতীয় সেনাই। বিশেষকৈ কাশ্মীৰৰ বিপথে পৰিচালিত হোৱা যুৱচামক এই সকিয়নি দিছে সেনায়ে।

লগতে অভিভাৱক সকলক তেওঁলোকৰ সন্তানে যাতে সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত নহয় তাৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে যিসকলে ইতিমধ্যে সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিছে, তেওঁলোকক আত্মসমৰ্পণ কৰিবলৈ সকিয়নি দিছে। বৰ্তমান কাশ্মীৰত সমাজ ব্যৱস্থাতত মাতৃসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি প্ৰকাশ কৰে সেনা বিষয়া লেফটেন্টেট জেনেৰেল কানৱাল জিৎ সিং ধিলনে।

লগতে তেওঁ প্ৰকাশ কৰে যে পুলোৱামা আক্ৰমণৰ ১০০ ঘন্টাৰ ভিতৰত সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰাৰ লগতে সন্ত্ৰাসবাদীকো হত্যা কৰিবলৈ সক্ষম হৈছে । ১২ ঘন্টা ধৰি পুলোৱামাত হোৱা সংঘৰ্ষত নিহত হোৱা সাধাৰণ নাগৰিক জনৰ প্ৰতি সমবেদনা জনাই লগতে এই সংঘৰ্ষতে পুলোৱামা কাণ্ডৰ মাষ্টাৰমাইণ্ড আব্দুল ৰছিদ গাজী, ইলিয়াচ কামৰান নিহত হোৱাৰ কথা প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com