বাংগালোৰৰ বায়ুসেনাৰ এৰ' ইণ্ডিয়াৰ পাৰ্কিং এলেকাত বিধ্বংসী অগ্নিকাণ্ড

বাংগালোৰৰ বায়ুসেনাৰ এৰ' ইণ্ডিয়াৰ পাৰ্কিং এলেকাত বিধ্বংসী অগ্নিকাণ্ড
Published on

বাংগালোৰৰ য়েলাহাংকা বায়ুসেনা এৰ'ইণ্ডিয়া পাৰ্কিংৰ ৫ নম্বৰ গেটত বিধ্বংসী অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে । ৩০০ খন গাড়ী ৰখাই থোৱা আছিল পাৰ্কিং এলেকাত । প্ৰায় ১০০ খন গাড়ী অগ্নিত জাহ গৈছে বুলি কৰ্ণাটক অগ্নি বিভাগে প্ৰকাশ কৰিছে । প্ৰায় দিনৰ ১২:১৭ বজাত অগ্নিৰ সুত্ৰপাত হয় আৰু তৎক্ষনাত সম্প্ৰসাৰিত হয় কাষৰ অঞ্চললৈ।কলা ধোৱাই সমগ্ৰ অঞ্চলটো আগুৰি ধৰা পৰিলক্ষিত হয় ।

এৰ'ইণ্ডিয়া ২০১৯ অনুষ্ঠানৰ মাজতে এই ঘটনা সংঘটিতহয় ।শুকান ঘাঁহত জুই লগাৰ ফলত অতি সোনকালে সম্প্ৰসাৰিত হয় গোটে অঞ্চলত । জ্বলা চিগাৰেটৰ পৰাও জুইৰ সুত্ৰপাত হোৱাৰ সম্ভাৱনা থাকিব পাৰে বুলি প্ৰকাশ কৰে। অগ্নি নিৰ্বাপক বাহিনীৰ চেষ্টাৰ ফলত বৰ্তমান অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে। বৰ্তমানলৈকে কোনো লোক আহত অথবা নিহতৰ হোৱা নাই বুলি জানিব পৰা গৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com