বাংলাদেশৰ ঢাকাত বিধ্বংসী অগ্নিকাণ্ড: ৭০ নিহত

বাংলাদেশৰ ঢাকাত বিধ্বংসী অগ্নিকাণ্ড: ৭০ নিহত
Published on

মংগলবাৰে বাংলাদেশৰ ঢাকাত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ডত ৭০ জন লোকৰ মৃত্যু হৈছে । বৰ্তমানলৈকে ১০০ জনৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে । ২০ জনৰো অধিক লোক বৰ্তমানলৈকে আবদ্ধ হৈ আছে ।

চ’ক বজাৰৰ এটা অট্টালিকাত চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পাছত কেমিকেল গুদামলৈকে সম্প্ৰসাৰিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অতি সোনকালে কাষত থকা আন চাৰিটা অট্টালিকালৈও সম্প্ৰসাৰিত হয় জুই। নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

মংগলবাৰে নিশা প্ৰায় ১০.৪০ ত জুইৰ সুত্ৰপাত হয় আৰু তৎক্ষনাত সম্প্ৰসাৰিত হয় কাষৰ অট্টালিকালৈ। ২০০ তকৈও অধিক অগ্নিনিৰ্ব্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰে । ক্ষয় ক্ষতিৰ কিমান হৈছে বৰ্তমানলৈকে জানিব পৰা নাই যদিও দুখন গাড়ী আৰু প্ৰায় ১০ খন চাইকেল ৰিক্সা জুইত যায়।

ঢাকা মেডিকেল কলেজ হস্পিতালৰ কৃতপক্ষই জনোৱা মতে ৪৫ জনক ভৰ্তি কৰোৱা হৈছে । ২ জনৰ অবস্থা অতি সংকটজনক । বহু লোকে পৰিয়ালৰ লোকক বিচাৰি হস্পিতালৈ অহা বুলি প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে,২০১০ চনত ঢাকাত কেমিকেল গুদামত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছিল যত ১২০ জনতকৈও অধিক লোক নিহত হৈছিল ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com