বাৰাণসীত মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

বাৰাণসীত মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি এনডিএৰ শীৰ্ষ নেতাসকলৰ লগত বাৰাণসী লোকসভা সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত সহযোগ কৰে, বিজেপিৰ নেতাসকলৰ ভিতৰত জেষ্ঠ্য নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নীতিন গাডকাৰী,বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ,বিদেশ মন্ত্ৰী সুষমা স্বৰাজ,শিৱসেনাৰ উদ্ধৰ্ৱ ঠাকৰে,জেডিইউৰ নিতিশ কুমাৰ আৰু এলজেপিৰ ৰামবিলাশ পাশৱান ৷

বগা কুৰ্তা-পায়জামা আৰু কলা ৰঙৰ জেকেট পৰিধান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পদযাত্ৰা কৰি পুৱা ১১.২০ বজাত কালেক্টৰ অফিচত উপস্থিত হয় । ৰাজনাথ সিঙৰ উপস্থিতিত প্ৰধানমন্ত্ৰী মোডীয়ে আকালী দলৰ নেতা প্ৰকাশ সিং বাদলৰ ভৰি চুই আশীৰ্বাদ লয় । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত সংখ্যাগৰিষ্ঠতা লাভ কৰি জয় লাভ কৰিছিল ৷

এজন ৰাজনৈতিক বিশ্লেষক অধ্যক্ষ কেকে মিশ্ৰাই কয় যে বিজেপিয়ে দলিত,ব্যৱসায়ী, বয়োজেষ্ঠ্যসকলৰ কাৰণে এজন সুদক্ষ ৰাজনীতিজ্ঞক নিৰ্বাচন কৰিছে ৷ অন্যহাতে, বাৰাণসীত লোকসভা নিৰ্বাচন হ’ব ১৯ মে’ত। সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ২৩ মে’ত। মনোনয়ন পত্ৰ দাখিল কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনসাধাৰণক সহযোগৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ।নৰেন্দ্ৰ মোডীয়ে কয় যে জনসাধাৰণৰ মোক মৰম আশীৰ্বাদ দি আহিছে ৷ যেনেদৰে মোক পাঁছ বছৰৰ আগতে দিছিল ৷

জনসাধাৰণে কৈছে যে মোডীয়ে ইতিমধ্যে জয় লাভ কৰিছে । মোডীক ভোটদান কৰাৰ কোনো আৱশ্যকতা নাই ৷কিন্তু মই সকলো লোকক আহ্বান কৰিছো যে তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে বাৰাণসীত এক বৃহৎ ৰোড শ্ব’ত অংশ গ্ৰহণ কৰে ৷ প্ৰধানমন্ত্ৰী মোডীৰ ৰোড শ্ব’টো ঐতিহাসিক মন্দিৰ,ঘাট আদিৰে অতিক্ৰম কৰে ৷ প্ৰায় সাত কিলোমিটাৰৰ ৰোড শ্ব’টো বাৰাণসীৰ পবিত্ৰ ঘাট ধাশ্বাৱামেধত সমাপ্ত হয়। গংগা নদীৰ ঘাটত বিয়লি আৰতিত উপস্থিত থাকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com