বিজেপিয়ে অকলেই ১০ খন আসন লাভ কৰিব: ৰাম মাধৱ

বিজেপিয়ে অকলেই ১০ খন আসন লাভ কৰিব: ৰাম মাধৱ
Published on

বিজেপিৰ ৰাষ্ট্ৰীয় নেতা আৰু উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা ৰাম মাধৱে প্ৰকাশ কৰে যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনতকৈ এইবাৰ বিজেপিয়ে ভাল ফলাফল কৰিব আৰু ১০ খন আসন লাভ কৰিব বুলি প্ৰকাশ কৰিছে।

বিজেপিয়ে ১০ টা লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াইছে, অগপয়ে ৩ টা সমষ্টিত আৰু বিপিএফে ১ টা লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াই।

শুকুৰবাৰে গুৱাহাটী অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদ মেল সম্বোধন কৰি ৰাম মাধৱে প্ৰকাশ কৰে যে বিগত ৫ বছৰত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত উন্নয়ন হৈছে । সেয়েহে জনসাধাৰণে আমাৰ হকে ভোট দান কৰাটো নিশ্চিত ।

লগতে ৰাম মাধৱে প্ৰকাশ কৰে যে কংগ্ৰেছে জনসাধাৰণৰ কাৰণে একো কৰা নাই । উত্তৰ পূৰ্বাঞ্চল কংগ্ৰেছ মুক্ত হ'ব । মিত্ৰজোট ৬ খন চৰকাৰ আছে উত্তৰ পূৰ্বাঞ্চলত । কংগ্ৰেছ নেতা সকলক অসমে প্ৰত্যাখ্যান কৰিছে । অসমৰ জনসাধাৰণে ইতিমধ্যে বুজি উঠিছে তেওঁলোক প্ৰকৃততে কোন হয় । "

অসমৰ অনুপ্ৰবেশৰ সমস্যাৰ সন্দৰ্ভত ৰাম মাধৱে কয় যে অসমৰ অনুপ্ৰবেশৰ সমস্যাৰ ক্ষেত্ৰত কংগ্ৰেছে কোনো ব্যবস্থা গ্ৰহণ নকৰিলে । ১৯৬৭ চনত পূব পাকিস্তান লোকৰ অনুপ্ৰবেশৰ ক্ষেত্ৰত কংগ্ৰেছে সামান্য কাম কৰিছিল বুলি প্ৰকাশ কৰে । লগতে কয় যে কংগ্ৰেছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ কৰিছিল যদিও পাইলট প্ৰকল্পৰ কাম বন্ধ কৰা হৈছিল ।

সৰ্বানন্দ সোনোৱালৰ বিজেপি চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম কৰিছে বুলি প্ৰকাশ কৰে । লগতে ৰাম মাধৱে কয় যে কংগ্ৰেছে অসম চুক্তি ৬ টা দফা ৰূপায়ণৰ ক্ষেত্ৰত কোনো ব্যবস্থা গ্ৰহণ কৰা নাছিল । অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ জাতি, মাটি, ভেটি, সাহিত্য, সংস্কৃতি ৰক্ষা কৰিবলৈ বিজেপি চৰকাৰ সদায় দায়বদ্ধ ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com