বিত্তীয় ক্ষেত্ৰখনত দুৰ্নীতি সংঘটিত হোৱা কাৰণ কিছুসংখ্যক লোকৰ বস্তুবাদী জগতখনৰ প্ৰতি আকৰ্ষণ

বিত্তীয় ক্ষেত্ৰখনত দুৰ্নীতি সংঘটিত হোৱা কাৰণ কিছুসংখ্যক লোকৰ বস্তুবাদী জগতখনৰ প্ৰতি আকৰ্ষণ
Published on

সাম্প্ৰতিক সময়ত কোনো ধৰণৰ কষ্ট নকৰাকৈ অথবা এটি আৰামদায়ক জীৱনৰ প্ৰতি আকৰ্ষণৰ কাৰণেই সংঘটিত হৈছে সমাজত দুস্কাৰ্য ৷ এই দুস্কাৰ্যসমূহৰ ভিতৰত আছে সততে অসমত সংঘটিত হৈ থকা বেংকসমূহত হোৱা বিত্তীয় খেলিমেলি ৷ শেহতীয়া এক তথ্য অনুসৰি, ব্যুৰো অব ইনভেষ্টিগেশ্যন ইক’ন’মিক অফেন্স অৰ্থাৎ অৰ্থনৈতিক অপৰাধ অনুসন্ধান ব্যুৰো (BIEO )য়ে, প্ৰকাশ কৰে যে ৪৪ টা গোচৰৰ অভিযোগত ৫৬ জন লোক গ্ৰেপ্তাৰ হৈছে ৷ লগতে এই সন্দৰ্ভত ১৫ টা গোচৰ BIEO য়ে ৰজু কৰিছে ৷

কিন্তু বিগত বৰ্ষত এই সংখ্যা চলিত বৰ্ষতকৈ সীমিত আছিল ৷ এই সন্দৰ্ভত BIEO য়ে ২৬ টা গোচৰ এজাহাৰ দাখিল কৰাৰ বিপৰীতে,৩৮ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইফালে, বিত্তীয় ক্ষেত্ৰখনৰ বিভিন্ন বিভাগত ঠগ প্ৰৱঞ্চনা ঘটা দেখিবলৈ পোৱা গৈছে ৰাজ্যখনত ৷ ২০১৬-২০১৭ বৰ্ষত অসম আৰক্ষীয়ে ৪,১৯৫ টা গোচৰৰ এজাহাৰ দাখিল কৰে ৷ অন্যহাত, চলিত বিত্তীয় বৰ্ষত আৰক্ষীয়ে এপ্ৰিল মাহলৈকে ১,৬৫৮ টা গোচৰৰ এজাহাৰ দাখিল কৰে ৷

BIEO ৰ এজন বিষয়াই দ্য চেন্টিনেলৰ আগত প্ৰকাশ কৰে যে,সমাজখনৰ কিছুসংখ্যক লোক ভোগবাদী তথা বস্তুবাদী জগতখনৰ প্ৰতি ক্ৰমাণ্বয়ে বাঢ়ি আহা আকৰ্ষণ কাৰণে সমাজত এনেধৰণৰ ঘটনাই প্ৰাধান্য পাইছে ৷ এই ঘটনাত এটা বৃহৎ চক্ৰ জড়িত হৈ থকাৰ লগতে,অধিক সংখ্যক বেংকৰ লেনদেনৰ এজাহাৰ বেংকসমূহৰ পৰাই দাখিল হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com